ডিজিটেল ডেস্ক: তেজপুৰ বিশ্ববিদ্যালয়ৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। ড° শর্মাই কালি কেন্দ্রীয় শিক্ষা মন্ত্রীক বিশ্ববিদ্যালয়খনত এজন প্র'-উপাচার্য নিযুক্তি দিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীৰ এনে আহবানৰ বিপৰীতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে শম্ভুনাথ সিঙৰ দৰে নহয়, এজন কাৰ্যকৰী উপাচার্য নিযুক্তি দিবলৈ দাবী জনাইছে।
ইফালে উপাচার্য শম্ভুনাথ সিঙৰ লগতে তেওঁৰ অনুগত একাংশৰ বিৰুদ্ধে উত্থাপিত দুর্নীতি-অনিয়মৰ অভিযোগ আৰু ইয়াকে লৈ বিশ্ববিদ্যালয়খনত আজিও অব্যাহত আছে উত্তাল পৰিস্থিতি। বিশেষকৈ শেহতীয়াভাৱে তেজপুৰ বিশ্ববিদ্যালয়ৰ লাচিত আৰু কনকলতা ছাত্ৰাৱাসৰ সামগ্ৰী ক্রয়ত সংঘটিত বৃহৎ দুর্নীতিয়ে তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা অর্থনৈতিক কেলেংকাৰিৰ দিশটো স্পষ্ট কৰিছে। প্রণিধানযোগ্য যে বিশ্ববিদ্যালয়ে 'হেফা'ৰ পৰা পোৱা নটা ভৱন নিৰ্মাণৰ প্ৰকল্পৰ অনুমোদনৰ ভিতৰৰ চাৰিটা শৈক্ষিক ভৱন আৰু দুটা ছাত্রাবাস প্রকল্পত আচবাব অন্তর্ভুক্ত আছিল। এই প্ৰকল্পৰ সম্পূর্ণ দায়িত্ব দিয়া হৈছিল অসম লোক নির্মাণ বিভাগ 'গৃহ'ক। বিশ্ববিদ্যালয়ৰ এখন উচ্চস্তৰীয় সমিতিয়ে সঠিক প্রয়োজনীয়তা নিৰূপণ কৰি এখন তালিকা প্রস্তুত কৰি লোক নির্মাণ বিভাগক বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক (সাধাৰণ প্ৰশাসন) ৰ যোগেদি অর্পণ কৰে। লোক নির্মাণ বিভাগে নিজাকৈ এটা আনুমানিক এষ্টিমেট প্রস্তুত কৰি লোক নির্মাণ বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰে। এইক্ষেত্রত প্রায় এবছৰৰ অধিক সময় অতিক্ৰম কৰাৰ বিপৰীতে অনুমোদন নোহোৱাত ইতিমধ্যে বিশ্ববিদ্যালয়ৰ দুটা নতুন ছাত্রাবাসত প্রায় এহেজাৰ ছাত্ৰ- ছাত্ৰীক আচবাব যোগান নিদিয়াত সমস্যাৰ উদ্ভৱ হয়।
ইয়াৰ মাজতে হেফা আৰু চৰকাৰী অনুমতিৰে বিশ্ববিদ্যালয় কর্তৃপক্ষই নিজাকৈ আচবাব ক্ৰয় কৰিবৰ কাৰণে প্রস্তুত হয়। প্রণিধানযোগ্য যে অসম লোক নির্মাণ বিভাগ 'গৃহ'ই প্ৰস্তুত কৰা আনুমানিক দাম আৰু সামগ্ৰীসমূহ একেই ৰাখি বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়কক নিবিদা সংগ্ৰহ কৰিবলৈ অনুমোদন জনোৱা হয়। সেই মতে নিবিদা আহ্বান কৰাত আঠখন নিবিদাৰ বিপৰীতে বিশ্ববিদ্যালয়ৰ ষ্ট'ৰ আৰু পার্চেজৰ উপপঞ্জীয়কে এখন পাঁচ জনীয়া সমিতি গঠন কৰি দিয়ে। এই সমিতিখনত আছিল অধ্যাপক, বিত্ত বিষয়া, পঞ্জীয়কৰ হৈ এজন প্রতিনিধি, কার্যবাহী অভিযন্তা আৰু শাখা বিষয়া। এই সমিতিয়েই নিবিদাত অংশ লোৱা আঠটা প্ৰতিষ্ঠানৰ ভিতৰত বিশ্ববিদ্যালয় কর্তৃপক্ষই জেম পৰ্টেলৰ জৰিয়তে এটা প্রতিষ্ঠানক অনুমোদন দি সেই সংস্থাটোৰ পৰাই আচবাব ক্রয় কৰে। উল্লেখযোগ্য যে এই সমিতিখনৰ ভূমিকা নিম্নমানৰ সামগ্ৰী অধিক মূল্যত ক্ৰয় কৰাৰ ক্ষেত্ৰত সেই লৈ সম্প্রতি প্রশ্ন উত্থাপন হৈছে। এই সকলো দিশৰে শক্তিশালী তদন্ত কৰি এই কাণ্ডৰে জড়িত চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে বুলিও সম্প্রতি বিভিন্ন পক্ষই দাবী জনাইছে।