বিষয়া-ঠিকাদাৰলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, নির্মাণ কার্যত ৫০% শ্রমিক হ'ব লাগিব খিলঞ্জীয়া

dainik janambhumi January 30, 2026

ডিজিটেল ডেস্ক: লোকনির্মাণ বিভাগ আৰু লোকনির্মাণ বিভাগৰ ঠিকাদাসকললৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নির্দেশনা দিছে যে নির্মাণকার্যত জড়িত ৫০ শতাংশ শ্রমিক খিলঞ্জীয়া হ'ব লাগিব আৰু ১৯৫১ চনৰ পূৰ্বে অহা মিঞাইহে কাম কৰিব পাৰিব। কেইদিনমান পূর্বে লোকনির্মাণ বিভাগৰ ঠিকাদাৰসকলৰ লগত হোৱা এখন বৈঠকত মুখ্যমন্ত্রীয়ে এই নির্দেশনা দিয়াৰ কথা বুধবাৰে তেওঁ নিজেই প্রকাশ কৰিছে। 

উল্লেখযোগ্য যে বুধবাৰে নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত নিৰ্মাণ হৈ থকা উৰণ সেতুসমূহৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ নুনমাটি-গুৱাহাটী ক্লাবৰ উৰণ সেতুৰ লগতে গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি কয় যে গুৱাহাটী ক্লাবলৈকে যিখন উৰণ সেতুৰ নিৰ্মাণ চলি আছে সেইখন ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত স্কুটাৰ, মটৰচাইকেল, গাড়ীৰ দৰে বাহনসূহৰ বাবে মুকলি কৰি দিয়া হ'ব। মাৰ্চৰ ১৫ তাৰিখৰ ভিতৰত সকলো বাহনৰ বাবে সেতুখন মুকলি কৰি দিয়া হ'ব। 

আনহাতে, ভৰলুৰ সেতুখন ২০/২২ ফেব্ৰুৱাৰীত মুকলি কৰি দিয়া হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে গুৱাহাটী-উত্তৰ গুৱাহাটী দলংখন কুমাৰ ভাস্কৰ বৰ্মা আৰু আনখন নুনমাটি-গুৱাহাটী উৰণ সেতু মহাৰাজ পৃথুৰ নামত উৎসর্গিত কৰা হ'ব। তেওঁ কয় যে পৰৱৰ্তী সময়ত উলুবাৰী আৰু গুৱাহাটী ক্লাবৰ উৰণ সেতু দুখন লগ লগাই দিয়া হ'ব আৰু ইয়াৰ ফলত গুৱাহাটীত কোনো যান-বাহনৰ সমস্যা নাথাকিব। বুধবাৰে এই পৰিদৰ্শন কালত মুখ্যমন্ত্রীজনে মহানগৰীৰ চাইকেল ফেক্টৰীৰ উৰণ সেতুখন বিহুৰ পূৰ্বেই মুকলি কৰা হ'ব বুলিও ঘোষণা কৰে।

Share This