ডিজিটেল ডেস্ক : কংগ্ৰেছ দলৰ সংখ্যালঘু অধ্যুষিত সমষ্টিকেন্দ্রিক টিকট কিনা-বেচা ইতিমধ্যে আৰম্ভ হৈছে। আনকি অগ্রিম ধনপর্যন্ত দিয়া হৈ গৈছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বৰছলাত সাংবাদিকৰ আগত কয়- 'মিঞা অধ্যুষিত অঞ্চলত ৩-৪ কোটি টকালৈ উঠিছে কংগ্ৰেছৰ টিকটৰ দাম। টিকট প্রত্যাশীৰ পৰা আৱেদন মাচুলেই লোৱা হৈছে ৫০ হাজাৰ টকাকৈ। যোৱাবাৰো ৫০ হাজাৰ টকাকৈ লৈছিল যদিও বিৰোধীৰ মিত্ৰদলে প্রার্থিত্ব দিয়াৰ পাছতো কংগ্ৰেছে ঘূৰাই নিদিলে মাচুল। তেওঁলোকৰ গোটেই ব্যৱস্থাটো টকা-পইচাৰ ওপৰত আধাৰিত। ইয়াৰ বিপৰীতে বিজেপিত টিকটৰ বাবে এটকাও দিব নালাগে। আমাৰ মাচুল নিদিয়াকৈয়ে প্রার্থীয়ে টিকট পাব।'
আনহাতে অসমত কংগ্ৰেছৰ ফলাফল বিহাৰৰ ফলাফলতকৈও বেয়া হ'ব বুলি মত প্রকাশ কৰি তেওঁ কয় যে মহাৰাষ্ট্ৰ, হাৰিয়ানা, বিহাৰৰ ফলাফলত প্ৰমাণ হৈছে কংগ্ৰেছৰ স্থিতি কেনেকুৱা। কংগ্ৰেছ বৰ্তমান ৰাইজৰ পৰা আঁতৰি গৈছে। ইফালে কংগ্রেছে এশ এখন আসনত প্রার্থী থিয় কৰালেও আমাৰ ক'ব লগীয়া একো নাই বুলি জনাই তেওঁ ৰাইজৰ দল আৰু জাতীয় পৰিষদক কটাক্ষ কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, 'লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈয়ে ২৬ আসনত প্রতিদ্বন্দ্বিতা কৰিবলৈ লোৱাটো ডাঙৰ কথা। তেওঁলোক তাতে সন্তুষ্ট হ'ব লাগে। তেওঁলোক সিমান আসনৰে যোগ্য। কাৰণ তেওঁলোকৰ কোনো সংগঠন নাই।' ইফালে বিজেপিৰ মিত্ৰদল অগপই বহু কেইটা সমষ্টি দাবী কৰাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'অগপ এটা মুক্ত ৰাজনৈতিক দল। তেওঁলোকে নিজৰ ইচ্ছাত য'ত নির্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে তাতে প্রার্থী থিয় কৰাব পাৰে, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু বিজেপিৰ সৈতে অগপৰ যিকেইটা সমষ্টিত মিত্রতা হ'ব, তাত এন ডি এৰ প্রার্থীহে থাকিব। ইয়াৰ বাহিৰে আন সমষ্টিত সুকীয়াকৈ নির্বাচন খেলিব বিচাৰিলে খেলিব পাৰিব।' মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উচ্ছেদৰ প্রসংগটো তাৎপর্যপূর্ণ মন্তব্য কৰে। তেওঁ কয়, 'জনজাতীয় লোকসকলক উচ্ছেদ কৰা নহয়। তেওঁলোকক বনভূমিত আইন অনুসৰি দিয়া হ'ব ভূমিপট্টা। সোণাই-ৰূপাইকে ধৰি আন ঠাইতো চৰকাৰে দিব ভূমিপট্টা।' আন ঠাইত এক আঁচনিৰ ভিত্তিত উচ্ছেদ প্রক্রিয়া পর্যায় ক্রমে চলি আছে আৰু চলি থাকিব বুলি জনাই তেওঁ ফেব্ৰুৱাৰীৰ পৰা চাহ জনগোষ্ঠীক পট্টা বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব বুলিও কয়। উল্লেখযোগ্য যে ভোটাৰ তালিকাত বহিঃৰাজ্যৰ লোক অন্তর্ভুক্ত কৰাৰ বাবে বিজেপিয়ে চেষ্টা চলাই আছে বুলি কংগ্ৰেছে কৰা অভিযোগৰো প্রত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়- 'ভোটাৰ তালিকা হৈছে ৰাজহুৱা নথি। সকলোৱে চাব পাৰে ভোটাৰ তালিকা। গতিকে ভোটাৰ তালিকাত অচিনাকি লোকৰ নাম সোমালে নিশ্চয় ৰাইজে প্রতিবাদ কৰিব। নির্বাচনত যদি কংগ্রেছে জিকে তেনেহ'লে তেওঁলোকে কোনো আপত্তি নকৰে কিন্তু হাৰিলেই ই ভি এমক দোষ দিয়ে।
মন কৰিব লগীয়া যে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ঘৰত অস্ত্ৰ -শস্ত্র উদ্ধাৰ হোৱা বুলি অভিযোগ উত্থাপন হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, কোনো অস্ত্ৰ পোৱা নাই। এয়া হৈছে অসম চৰকাৰৰ দেহৰক্ষীৰ অস্ত্র। এয়া কোনো তথ্যৰ আধাৰিত কথা নহয়। ভদ্ৰতাৰ এটা সীমা থাকিব লাগে। হাতত তথ্য প্রমাণ নথকাকৈ ৰাজনীতি কৰা লোকে এনে কথা নকয়। কালি ময়ো ক'ব পাৰোঁ জন ইংতি কাথাৰৰ ঘৰত ১০০ কোটি টকা উদ্ধাৰ হৈছে বুলি। এ আইত ভিডিঅ' বনাই দিলেই হ'ল বুলিও মুখ্যমন্ত্রী ড° শর্মাই লগতে কয়।