ডিজিটেল ডেস্ক: মৰিয়নি সমষ্টিৰ অন্তৰ্গত কলিয়াপানী অঞ্চলৰ বাবে কালিৰ দিনটো এক উল্লেখযোগ্য দিন হিচাপে পৰিগণিত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কলিয়াপানীত নৱনির্মিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্র মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ আনুষ্ঠানিকভাৱে মুকলি কৰে।
প্রায় ২৬,৯৪,০৫,৬৬৯ টকাৰ ব্যয়েৰে ৫৮ বিঘা ভূমিত নির্মিত এই স্থায়ী চৌহদে ৰাজ্যখনৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত এক নতুন অধ্যায় সূচনা কৰিলে বুলি মতপ্রকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অত্যাধুনিক আন্তঃগাঁথনি, শিক্ষাৰ অনুকূল পৰিৱেশ আৰু ছাত্ৰীসকলৰ সামগ্রিক বিকাশৰ সুবিধাৰে সজ্জিত এই বিশ্ববিদ্যালয়খন আগন্তুক সময়ত উচ্চশিক্ষাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে ভার্চুৱেল মাধ্যমৰ জৰিয়তে কলিয়াপানীস্থিত যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰ নতুন ভৱন মুকলি কৰে। লগতে মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়, গাভৰু চাহ বাগিচা আদর্শ বিদ্যালয় আৰু খনিকৰ চাহ বাগিচা আদর্শ বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনসমূহো শুভাৰম্ভ কৰা হয়।
সভাত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমান চৰকাৰে নাৰী শিক্ষা আৰু নাৰী সুৰক্ষাক বিশেষ গুৰুত্ব দি বিভিন্ন সময়োপযোগী আঁচনি ৰূপায়ণ কৰি আহিছে। বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহত অধ্যয়ন কৰা ছাত্ৰীসকলৰ বাবে চৰকাৰে আৰ্থিক সহায়, বৃত্তি আৰু উন্নয়নমূলক পদক্ষেপ গ্রহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে এই নতুন শিক্ষানুষ্ঠানসমূহে কেৱল শৈক্ষিক ক্ষেত্ৰতেই নহয়, সামাজিক আৰু অর্থনৈতিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব। নাৰীসকলক শিক্ষাৰ জৰিয়তে স্বনিৰ্ভৰ কৰি তোলাই চৰকাৰৰ মূল লক্ষ্য বুলি উল্লেখ কৰি তেওঁ আশা ব্যক্ত কৰে যে এই পদক্ষেপসমূহে সমাজত সমতা, উন্নয়ন আৰু নাৰীৰ মর্যাদা অধিক সুদৃঢ় কৰিব।
অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, শিক্ষা মন্ত্ৰী ৰণোজ পেণ্ড, সাংস্কৃতিক মন্ত্রী বিমল বৰা, স্থানীয় বিধায়ক ৰূপজ্যোতি কুর্মি, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী, আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু সাংসদ কামাখ্যা তাছাকে প্ৰমুখ্য কৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।