হোটেল ন'ভ'টেলত মন্ত্ৰী-নেতাৰ ভিৰ, ২২টা আহোম সংগঠনেৰে নিশা মুখ্যমন্ত্ৰীৰ বৈঠক

dainik janambhumi March 16, 2026

ডিজিটেল ডেস্ক: বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে অসম চৰকাৰৰ তৎপৰতা বৃদ্ধি পাইছে। কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে দিনজোৰা কাৰ্যসূচীৰ পাছত কালি নিশা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ২২টাকৈ আহোম সংগঠনৰ সৈতে আলোচনাত মিলিত হয়। 

হোটেল ন'ভ'টেলত নিশা আয়োজিত এই বৈঠকত সমাগত বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই সংগঠনকেইটাৰ ভূমিকাক লৈ আলোচনা হোৱা বুলি জানিব পৰা গৈছে। ইফালে, বৈঠকত মুখ্যমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য সভাৰ সাংসদ যোগেন মহন, কেবিনেট মন্ত্ৰী পীযূষ হাজৰিকাও উপস্থিত আছে। বৈঠকত আহোম সভা, টাইপা, আটাছু (মিলন বুঢ়াগোহাঁই গোট), পূর্বাঞ্চল টাই সাহিত্য সভা, আহোম সেনা, ফুৰালুং সংঘ, আহোম জাতীয় গণমঞ্চ, বুঢ়াগোহাঁই বংশাৱলী, দিহিঙীয়া বংশাৱলী, লাহন বংশাৱলী, কোঁৱৰ বংশাৱলী, বৰপাত্ৰ গোহাঁই বংশাৱলী আদি বহুকেইটা সংগঠনে অংশগ্রহণ কৰে। এই সংবাদ প্ৰস্তুত কৰাৰ সময়লৈকে বৈঠক অব্যাহত আছে। 

বৈঠকত কি বিষয়ক লৈ আলোচনা কৰা হৈছে সেয়া এইপর্যন্ত নিশ্চিত নহয় যদিও সমাগত নির্বাচনক কেন্দ্ৰ কৰিয়েই যে আলোচনা হোৱা বুলি জানিব পৰা গৈছে। বৈঠকত জনজাতিকৰণৰ প্ৰসংগয়ো ঠাই পোৱা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।

Share This