ধোদৰ আলি শীঘ্ৰে নিৰ্মাণ কৰক, মুখ্যমন্ত্রী, লোকনির্মাণ বিভাগক আছুৰ সকীয়নি

dainik janambhumi January 10, 2026

ডিজিটেল ডেস্ক : আধুনিক পথ নির্মাণসহ এখন আধুনিক নাজিৰা নগৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ হৈ উঠা নাজিৰাৰ জনসাধাৰণে আজিকোপতি দেখিবলৈ নাপালে। এই পৰিস্থিতিত অসম চৰকাৰৰ আঁচনিৰ সঠিক ৰূপায়ণ নঘটা, কর্তৃপক্ষসমূহে বেমেজালিভাৱে কাম কৰাটোৱেই নাজিৰাৰ আজি বিশেষত্ব হৈ পৰিছে। প্ৰতিখন আঁচনিৰ নির্মাণতে আধাডুখৰীয়াৰূপে প্রশাসন, চৰকাৰী বিভাগ, জনপ্রতিনিধি আদিবোৰ থাকিও নাজিৰাবাসীয়ে যেন ক্ৰমাৎ অনুভৱ কৰিবলৈ ধৰিছে উন্নয়নৰ দিশত নাজিৰা এক অভিভাৱকহীন নগৰীহে। ইয়াৰ অন্যতম জ্বলন্ত নিদর্শন নাজিৰাৰ ঐতিহাসিক ধোদৰ আলিৰ দুৰৱস্থা। অসম চৰকাৰৰ বিয়াগোম লোকনিৰ্মাণ বিভাগৰ বৰমূৰীয়া আৰু বিজেপি নেতৃত্বাধীন চৰকাৰ থাকিও নাজিৰাৰ উন্নয়ন ত্বৰান্বিত কৰিব পৰা নাই।

ইফালে, বিৰোধী দলৰ বিধায়ক থকাৰ বাবেই নাজিৰাক উন্নয়নৰ ক্ষেত্ৰত হেয় দৃষ্টিৰে চাই আহিছে বিজেপি চৰকাৰে। চৰকাৰৰ এনে কাৰ্যৰ বাবে বিভিন্ন সময়ত ৰাইজ আৰু দল-সংগঠনে প্রতিবাদী কার্যসূচী গ্রহণ কৰি আহিছে যদিও কোনো গুৰুত্ব আৰোপ কৰা নাই। তেনে পৰিপ্ৰেক্ষিতত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত নাজিৰা নগৰৰ মাজমজিয়াৰ নাজিৰা-শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ৰ সন্মুখত ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা, নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্রিতম বৰগোহাঁই, নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চৰণ চাহু, সভাপতি সুমন দাস, সাধাৰণ সম্পাদক নীলমণি গগৈ, শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুশান্ত শইকীয়া, সাধাৰণ সম্পাদক পার্থ চেতিয়াসহ শতাধিক আছু কর্মীয়ে অংশগ্ৰহণ কৰি 'বিজেপি হায় হায়', 'মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুর্দাবাদ', 'লোকনির্মাণ বিভাগৰ কাম নাই', 'নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ কাম নাই', 'ঐতিহাসিক ধোদৰ আলি অতি শীঘ্ৰে পুনৰ নিৰ্মাণ কৰক' আদি ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে। প্রতিবাদস্থলীত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাই কয়, 'নির্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজপথত খোজ কাঢ়িব। আন আন ঠাইৰ দৰে মসৃণ নহয় নাজিৰাৰ ৰাজপথ। প্রকাণ্ড গাঁত, এছফাল্টবিহীন আৰু পৰিত্যক্ত এই পথত সাৱধান। উজুটিত মুখ ঠেকেচা খোৱাৰেই সম্ভাৱনা।' ধোদৰ আলিৰ দুৰৱস্থাত এনেকৈ সকীয়নি দিলে মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাক। বৰ্তমানৰ বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ বাট-পথ, দলং আদি নিৰ্মাণ কৰা বুলি প্ৰচাৰ মাধ্যমত বৃহৎভাৱে প্ৰচাৰ চলাই আহিছে। পিছে নাজিৰাত অসমৰ ইতিহাসৰ আহোম ৰজাই বন্ধোৱা ধোদৰ আলিৰ ওপৰত থিয় হ'লে অসম চৰকাৰৰ পথ উন্নয়নৰ আজিৰ কোনো ছবিয়েই কল্পনা কৰিব নোৱাৰি। তদুপৰি শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিত বিৰোধী দলৰ বিধায়ক থকাৰ বাবেই চৰকাৰে সমষ্টিটোৰ বাট-পথ, শিক্ষা, স্বাস্থ্য আদি সর্বতোদিশতে উন্নয়ন পৰিহাৰ কৰি হেয় চকুৰে চাই অহা বুলি চৰকাৰৰ বিৰুদ্ধে ছাত্র সন্থাই ক্ষোভ প্রকাশ কৰে। লগতে সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ পথ উন্নয়ন ঘটোৱাত চূড়ান্তভাৱে ব্যর্থ হোৱা বুলি কয়। ইফালে পৰিত্যক্ত, অত্যন্ত ঠেক আৰু আধুনিক ৰূপলৈ উন্নীত নোহোৱা নাজিৰাৰ মূল ৰাজপথ ধোদৰ আলিৰ ওপৰতেই ভূতৰ ওপৰত দানহ পৰা দি গধুৰ আৰু অ' এন জি চিৰ ডাঙৰ ডাঙৰ গাড়ীয়ে সৰ্বসাধাৰণৰ জীৱন অধিক বিপর্যস্ত কৰিছে।

অ' এন জি চি অসম সম্পদৰ মুখ্য কাৰ্যালয় নাজিৰাতেই অৱস্থিত যদিও নাজিৰাৰ উন্নয়নৰ দিশত অ'এন জি চিয়েও নাজিৰা তথা শিৱসাগৰ জিলাৰ ৰাইজক চৰম প্ৰতাৰণা কৰি অহা কাৰ্যক তীব্র ভাষাৰে গৰিহণা দিয়ে। পাছত প্রতিবাদস্থলীত নাজিৰা সমজিলাৰ কাৰ্যবাহী দণ্ডাধীশ তথা ৰাজহ চক্ৰ বিষয়া, লোকনির্মাণ বিভাগৰ শীৰ্ষ বিষয়া আৰু ইতিমধ্যেই ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণৰ ঠিকা লাভ কৰি থোৱা সংশ্লিষ্ট ঠিকাদাৰী প্রতিষ্ঠানৰ বিষয়া উপস্থিত হ'বলৈ বাধ্য হয়। আজিৰ পৰাই ধোদৰ আলিৰ নাজিৰাৰ জৰাজীৰ্ণ অংশবোৰ সম্যকভাৱে মেৰামতি কৰাৰ লিখিত প্রতিশ্রুতি দিয়াত সাময়িকভাৱে পথ অৱৰোধ কাৰ্যসূচী স্থগিত ৰাখে ছাত্ৰ সন্থাই।

Share This