ডিজিটেল ডেস্ক : গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে গুৱাহাটী হাইক'ৰ্ট বাৰ এছ'চিয়েশ্যনৰ সৈতে মুখ্যমন্ত্ৰীৰ সংঘাত তুংগত উঠিছে। এই সংঘাতৰ বাবেই বুধবাৰে গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ সদস্যপদ ত্যাগ কৰে মুখ্যমন্ত্রীজনে। মুখ্যমন্ত্রীজনে বাৰ এছ'চিয়েশ্যনৰ সভাপতিলৈ ইতিমধ্যে নিজৰ তিনি পৃষ্ঠাজোৰা পদত্যাগ পত্ৰখন প্ৰেৰণ কৰিছে।
নিজৰ পত্ৰত মুখ্যমন্ত্রীজনে কয় যে উচ্চ ন্যায়ালয় ৰংমহললৈ স্থানান্তৰ কৰা বিষয়টোত বাৰ এছ'চিয়েশ্যনৰ সৈতে মতবিৰোধ হোৱাৰ বাবেই তেওঁ পদত্যাগ কৰে। তেওঁ আনকি যি ঠাইত 'কনফ্লিক্ট অব্ ইণ্টাৰেষ্ট' থাকে সেই ঠাইত নথকাই ভাল বুলিও উল্লেখ কৰে।
ইফালে কালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীজনে এই পদত্যাগ সন্দৰ্ভত প্রকাশ কৰে যে উচ্চ ন্যায়ালয়ৰ ভৱনটো তেওঁ নতুনকৈ নিৰ্মাণ কৰিব লাগে বুলি ভাবে। কিন্তু বাৰ এছ'চিয়েশ্যনে সেয়া হ'ব নালাগে বুলি ভাবে। মুখ্যমন্ত্রী হিচাপে তেওঁ চৰকাৰৰ কাম কৰিব লাগিব আৰু এই বিষয়ত বাৰ এছ'চিয়েশ্যনৰ সৈতে তেওঁ একমত হ'ব নোৱাৰে বুলি কয়। সেয়ে তেওঁ বিতর্ক থকা স্থানত থাকিব নালাগে বুলি প্রকাশ কৰি পদত্যাগ কৰা বুলি কয়।