মে-ডাম-মে-ফিত বৰ অসমৰ নিৰ্মাতালৈ শ্রদ্ধা, স্বর্গদেউ চ্যুকাফাৰ বিশাল প্রতিমূর্তি উন্মোচন মুখ্যমন্ত্ৰীৰ

dainik janambhumi February 01, 2026

ডিজিটেল ডেস্ক: 'মে-ডাম-মে-ফি'ৰ পৱিত্ৰ দিনটোতে গুৱাহাটীৰ নটবমাৰ চ্যুকাফা নগৰত বৰ অসমৰ খনিকৰ স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ এটা বিশাল আৰু নৱনির্মিত প্রতিমূর্তি কালি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 

কেন্দ্রীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ বিশেষ প্রচেষ্টাত তথা টাই আহোম সাংস্কৃতিক সমাজৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰে আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতাগৰাকীৰ এই সুবিশাল প্রতিমূর্তি নির্মাণ কৰি উলিওৱা হৈছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই পৱিত্ৰ মে-ডাম-মে-ফি উপলক্ষে জাতিটোক গঢ় দিয়া পূর্বপুৰুষসকলৰ প্রতি শ্রদ্ধা নিৱেদন কৰাৰ লগতে টাই আহোম জনগোষ্ঠীৰ লোকসকলকে ধৰি সমগ্ৰ অসমবাসীলৈ শুভকামনা জ্ঞাপন কৰে। বৃহত্তৰ গুৱাহাটী কেন্দ্রীয় মে-ডাম-মে-ফি উদযাপন সমিতিৰ মে-ডাম-মে-ফি উদযাপনস্থলীৰ প্ৰাংগণত বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূর্তি উন্মোচন কৰিবলৈ পোৱাটো এক গৌৰৱ আৰু প্ৰাপ্তিৰ মুহূৰ্ত বুলি মত ব্যক্ত কৰি ড° শৰ্মাই লগতে কয় যে খ্রীষ্টীয় ত্রয়োদশ শতিকাৰ আৰম্ভণিতে চাওলুং চ্যুকাফাৰ নেতৃত্বত টাই আহোমসকলৰ আগমনে অসমৰ সামাজিক-সাংস্কৃতিক জীৱন তথা অসমীয়া জাতিৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। 

'চাওলুং চ্যুকাফাই ১২২৮ খ্রীষ্টাব্দত সৈন্য-সামন্ত লগত লৈ পাটকাই পৰ্বত পাৰ হৈ এই ভূ-খণ্ডত উপস্থিত হৈ আঘোণ মাহৰ পকা ধাননিৰ বিস্তীর্ণ এলেকা দেখি এই ঠাইখনক 'মুং ডুন চুন খাম' অর্থাৎ 'সোণোৱালী শইচৰ দেশ' বুলি কৈছিল। তেওঁ সদলবলে পশ্চিমৰ দিশে আগবাঢ়ি এই ভূ-খণ্ডত নিজৰ বসতি স্থাপন কৰিছিল। চৰাইদেউত ৰাজধানী পাতি অসমীয়া মানুহৰ এক নতুন ইতিহাসৰ পাতনি মেলিছিল। চ্যুকাফাৰ অসম আগমনৰ পূৰ্বেই এই অঞ্চলত মৰাণ, বৰাহী, চুতীয়া, কছাৰী আদি জনগোষ্ঠীয়ে বসতি কৰিছিল। এই ভূ-খণ্ডত থিতাপি লৈ চাওলুং চ্যুকাফাই পূৰ্বৰে পৰা বসবাস কৰি থকা জনগোষ্ঠীসমূহৰ লগত সম্পর্ক স্থাপন কৰিলে আৰু সকলোৰে লগ হৈ সমন্বয়ৰ এক বৰভেটি নির্মাণ কৰিলে। এনেকৈয়ে অসমীয়াৰ জাতীয় পৰিচয়ৰ আৰম্ভণি হ'ল।' তেতিয়াৰ পৰা এতিয়ালৈ আমাৰ জাতিটোৰ এই বর্ণিল ইতিহাসৰ বিষয়ে আমি সকলোৱে অৱগত বুলি মন্তব্য কৰি তেওঁ কয় যে আমাৰ সংঘাত-সম্পদ, হর্ষ-বিষাদৰ মুহূৰ্তবোৰৰ আমি সকলো একেলগে সাক্ষী হৈ আহিছোঁ। জাতিটোৰ অগ্রগতি দেখিলে যেনেকৈ আমি চাওলুং চ্যুকাফাৰ প্ৰতি কৃতজ্ঞতা জনাওঁ, একেদৰে জাতিটোলৈ সংকট আহিলেও তেওঁ দেখুৱাই যোৱা আদৰ্শৰ পৰা প্ৰেৰণা বুটলিবলৈ প্ৰয়াস কৰোঁ। আমাৰ জাতীয় জীৱন আৰু বৰ অসম নির্মাতা স্বর্গদেউ চাওলুং চ্যুকাফা আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক আৰু সৰ্বকালৰ আদৰ্শ পুৰুষ। সিংহাসনত অধিষ্ঠিত হৈ থকা এইগৰাকী মহামনীষীৰ এক পূর্ণাবয়ৱ প্রতিমূর্তি গুৱাহাটীৰ মাজমজিয়াত প্রতিষ্ঠা হোৱাটো অত্যন্ত প্রয়োজনীয় পদক্ষেপ বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আজিৰ পৰা কিছু বছৰ পূৰ্বে মে-ডাম-মে-ফিত অংশ লোৱাৰ বাবে এই অঞ্চললৈ আহোঁতে তেওঁ গুৱাহাটীৰ টাই আহোম জনগোষ্ঠীৰ লোকসকলক এই সমগ্র ক্ষেত্ৰখনৰ উন্নয়নৰ পৰামৰ্শ আগবঢ়াইছিল। 

কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বৃহত্তৰ গুৱাহাটী কেন্দ্রীয় মে-ডাম-মে-ফি উদযাপন সমিতিৰ সমন্বিত প্রচেষ্টাত কালি এই ক্ষেত্ৰখনৰ উন্নয়ন আৰু সৌন্দর্যবর্ধনৰ কাম যথেষ্ট আগবঢ়াটো অত্যন্ত আশাপ্রদ বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীলৈ অহা বাহিৰৰ কোনো পর্যটকে ছশ বছৰীয়া আহোম ৰাজত্বৰ বিষয়ে জানিব খুজিলে দেখুৱাবলৈ একো নাছিল বুলি মন্তব্য কৰি তেওঁ কয় যে আজি নটবমাত এই ক্ষেত্ৰখনৰ উন্নয়নে এই অভাৱ কিঞ্চিৎ হ'লেও দূৰ কৰিব। এই ক্ষেত্ৰৰ উন্নয়নৰ বাবে ৰাজ্য সভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ সহযোগত অতিৰিক্ত দুই কোটি টকা অনুদান আগবঢ়োৱা হ'ব বুলি তেওঁ ঘোষণা কৰে। কালিৰ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আদি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ প্রদান বৰুৱা আৰু মে-ডাম-মে-ফি উদযাপন সমিতিৰ সভাপতি নিতুল গগৈকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Share This