সুধাকণ্ঠৰ স্মাৰক মুদ্রা ক'ত পাব?

dainik janambhumi September 15, 2025

ডিজিটেল ডেস্কঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৩ ছেপ্টেম্বৰত এটা ১০০ টকাৰ স্মাৰক মুদ্রা মুকলি কৰে। ভাৰতীয় সংস্কৃতি আৰু সংগীতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে দেশবাসীৰ শ্ৰদ্ধাৰ চিনস্বৰূপে সুধাকণ্ঠৰ সোঁৱৰণত এই মুদ্ৰা মুকলি কৰা হয়। 

উল্লেখযোগ্য যে স্মৃতি মুদ্রা জাৰিৰ জৰিয়তে সন্মানিত হোৱা ড° ভূপেন হাজৰিকা হৈছে অসমৰ প্ৰথমগৰাকী ব্যক্তি। বিত্ত মন্ত্ৰ্যালয়ৰ নির্দেশনাত মুম্বাইৰ ভাৰত চৰকাৰী মিণ্টৰ জৰিয়তে প্রস্তুত কৰা এই ১০০ টকীয়া মুদ্ৰাটোৰ মুঠ ওজন ৪০ গ্রাম। ৯৯.৯ শতাংশ শুদ্ধতাৰ বিশুদ্ধ ৰূপেৰে নিৰ্মিত মুদ্ৰাটোৰ ব্যাস ৪৪ মিলিমিটাৰ। মুদ্ৰাটোৰ এটা ফালে ড° ভূপেন হাজৰিকাৰ প্রতিকৃতি, ওপৰৰ পৰিধিৰ কাষেৰে হিন্দীত [ डॉ भूपेन हाजरिका की जन्म शताब्दी) আৰু তলৰ পৰিধিত ইংৰাজীত (BIRTH CENTENARY OF DR. BHUPEN HAZARIKA) 'ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী' বুলি লিখা থাকিব।

আনহাতে '২০২৫' শব্দটো তেওঁৰ প্ৰতিচ্ছবিৰ তলত ৰোমান অংকত লিখা থাকিব। মুদ্ৰাটোৰ পিছফালে অশোক স্তম্ভৰ প্ৰতীক আৰু তাৰ তলত ভাৰতীয় টকাৰ চিহ্নৰ সৈতে ১০০ মূল্যৰ প্ৰতীক (ৰোমান লিপিত) থাকিব। মুদ্ৰাটোৰ দুয়োফালে 'भारत' (হিন্দীত) আৰু 'INDIA' (ইংৰাজীত) লিখা থাকিব। ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুসৰি ছিকিউৰিটি প্রিন্টিং এণ্ড মিন্টিং কৰ্প'ৰেশ্যন অব ইণ্ডিয়া লিমিটেডৰ অধীনস্থ ইণ্ডিয়া চৰকাৰী মিন্ট, মুম্বাই এই মুদ্ৰাটোৰ উৎপাদন আৰু বিক্ৰীৰ দায়িত্বত থাকিব। এই স্মৃতি মুদ্রা জাৰি কৰাৰ বাবে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ে ২০২৫ চনৰ ২৬ আগষ্টত গেজেট অধিসূচনা জাৰি কৰিছিল।

উল্লেখনীয় যে এই মুদ্রা মুকলি বজাৰত উপলব্ধ বা প্রচলিত নহ'ব। ইচ্ছুক ক্রেতাই ভাৰত চৰকাৰী মিণ্টৰ অফিচিয়েল ৱেবছাইট (https://www.indiagovtmint.in)ৰ জৰিয়তে এই মুদ্ৰাৰ আগতীয়া বুকিং অথবা ক্ৰয় কৰিব পাৰিব। অৱশ্যে মুদ্ৰাটো বর্তমানো ক্ৰয়ৰ বাবে উপলব্ধ হোৱা নাই। মুম্বাই মিণ্টে নিৰ্ধাৰণ কৰা অনুসৰি এই মুদ্ৰাৰ আনুমানিক মূল্য ৭৬০০ৰ পৰা ৮০০০ টকাৰ ভিতৰত হ'ব বুলি আশা কৰা হৈছে। ভূপেনদাৰ গুণমুগ্ধসকলৰ বাবে নিঃসন্দেহে ই এক সংৰক্ষণযোগ্য স্মৃতিমুদ্রা হিচাপে পৰিগণিত হ'ব

Share This