ৰাজ্যৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষা অভিৱৰ্তনৰ সামৰণি

dainik janambhumi February 09, 2026

ডিজিটেল ডেস্ক: 'নেমু পুলি ৰোৱা, খেল মহাৰণৰ দায়িত্ব পালন, প্ৰধানমন্ত্ৰীৰ জন্মদিনত ৭৫টা গছপুলি ৰোৱা শিক্ষকৰ কাম হ'ব নোৱাৰে। এনেধৰণৰ আৰু যিমানবিলাক অনা-শৈক্ষিক তথা পাঠ্যক্রম-বহির্ভূত কামত শিক্ষকসকলক ব্যস্ত কৰিবলৈ চৰকাৰে নিৰ্দেশ দিয়ে, সেইবোৰ এতিয়াৰ পৰা অগ্রাহ্য কৰিবলৈ আজিৰ শিক্ষা অভিৱর্তনে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে। 

শিক্ষকসকলে কৰিব লগা অনা-শৈক্ষিক কামৰ দীঘলীয়া তালিকাখন প্রাথমিক শিক্ষক সন্মিলনীয়ে ৰাইজৰ মাজলৈ নি চৰকাৰৰ ৰাজহুৱা প্ৰাথমিক শিক্ষা-বিৰোধী পদক্ষেপৰ বিৰুদ্ধে জাগৰণ গঢ়ি তুলিব লাগে।'- ৰাজহুৱা প্ৰাথমিক শিক্ষাৰ সংকট ৰোধৰ লক্ষ্যৰে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে কালিৰ পৰা অনুষ্ঠিত কৰা দুদিনীয়া শিক্ষা অভিৱৰ্তনৰ কালি অন্তিম দিনা সভাত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়। 

অভিৱর্তনত প্রাথমিক শিক্ষক সন্মিলনীয়ে দাঙি ধৰা ঘোষণা-পত্ৰত উল্লেখ কৰা প্ৰস্তাৱসমূহৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্ণ সমর্থন থকাৰ কথা প্রকাশ কৰি ড° ভট্টাচাৰ্যই কয় যে সম্পূর্ণ যুক্তিসংগত কাৰণতে অসমত শিক্ষাবর্ষ জানুৱাৰীৰ পৰা ডিচেম্বৰ কৰা উচিত। 

উল্লেখযোগ্য যে গুৱাহাটীৰ চানমাৰিস্থিত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ শিক্ষক ভৱনত অনুষ্ঠিত এই শিক্ষা অভিৱৰ্তনৰ দ্বিতীয় দিনা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অগপ দলৰ মুখপাত্র ড° পার্থ প্রতিম মেধি, বিজেপিৰ অসম ৰাজ্যিক কমিটীৰ শিক্ষা কোষৰ সভাপতি ড° ৰঞ্জিত সভাপণ্ডিত, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, চি পি আই (এম এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাস আৰু চি পি আই (এম)ৰ প্ৰতিনিধি দীপালী মজুমদাৰ, নতুন সাহিত্য পৰিষদৰ সভাপতি সমীন্দ্ৰ হুজুৰি, 'দৈনিক জনমভূমি'ৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, 'নিউজ ১৮ নৰ্থ-ইষ্ট'ৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য, জ্যেষ্ঠ অধিবক্তা উজ্জ্বল দাস আৰু তিৱা সাহিত্য সভাৰ সাধাৰণ সম্পাদক মৃণাল কুমাৰ দেওৰজাই অংশগ্ৰহণ কৰি বক্তব্য দাঙি ধৰে। 

প্ৰতিগৰাকী অংশগ্রহণকাৰীয়ে ৰাজহুৱা প্ৰাথমিক শিক্ষাক সংকটমুক্ত কৰিবলৈ অভিৱৰ্তনত প্রাথমিক শিক্ষক সন্মিলনীয়ে দাঙি ধৰা প্ৰস্তাৱসমূহৰ প্ৰতি পূর্ণ সমর্থন ব্যক্ত কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নতুন শিক্ষা নীতি, ২০২০ অতিশয় ত্রুটীপূর্ণ বুলি মন্তব্য কৰি কয় যে বৰ্তমানৰ চৰকাৰে ৰাজহুৱা শিক্ষাৰ উন্নতিকল্পে ব্যৱস্থা গ্রহণ কৰা নাই। চি পি আই (এম এল) ৰ ৰাজ্যিক সম্পাদক বিবেক দাসে মত প্রকাশ কৰে- ৰাইজে গঢ়া বিদ্যালয়সমূহ ৰক্ষা কৰিবলৈ এক সন্মিলিত গণ আন্দোলনৰ প্ৰয়োজন হৈছে। 

'দৈনিক জনমভূমি'ৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয়, 'চৰকাৰে ৰাজহুৱা শিক্ষাত ভীষণ বেমেজালিৰ সৃষ্টি কৰিছে, যাৰ বাবে অভিভাৱকসকলে ৰাজহুৱা বিদ্যালয়ৰ প্ৰতি অনীহা প্রকাশ কৰি সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাবলৈ লৈছে। যিটো সময়ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বিষয়ে আলোচনা-সভা হ'ব লাগিছিল, সেই সময়তে অতি দুর্ভাগ্যজনকভাৱে শিক্ষক সন্মিলনীয়ে শিক্ষকসকলক কেৱল শিক্ষার্থীক পঢ়াবলৈ দিয়াৰ দাবীত অভিৱৰ্তন পাতিব লগা হৈছে।' বিজেপিৰ অসম ৰাজ্যিক কমিটীৰ শিক্ষা কোষৰ সভাপতি ড° ৰঞ্জিত সভাপণ্ডিতে প্রাথমিক শিক্ষক সন্মিলনীৰ শিক্ষা অভিৱৰ্তনত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ শিক্ষা মন্ত্ৰীৰ ওচৰলৈ নি তেওঁক প্রদান কৰিব বুলি আশ্বাস দিয়ে। দুদিনীয়া শিক্ষা অভিৱৰ্তনৰ অন্তত ৰাজহুৱা প্ৰাথমিক শিক্ষাৰ সমস্যাসমূহৰ বিপৰীতে প্ৰয়োজনীয় ভূমিকা গ্রহণ কৰিবলৈ এখন সমিতি গঠন কৰা হয়। 

অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি নীলাক্ষি গগৈ, প্রধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীৰ নেতৃত্বত গঠন কৰা এই সমিতিৰ আন পাঁচগৰাকী সদস্য হ'ল অধ্যাপক ড° অখিল ৰঞ্জন দত্ত, বিশিষ্ট নিবন্ধকাৰ প্রদ্যুম্ন গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতা, জ্যেষ্ঠ অধিবক্তা উজ্জ্বল দাস আৰু সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ সভাপতি ৰঞ্জিত বৰঠাকুৰ।

Share This