কেন্দ্ৰ-ৰাজ্যৰ বস্ত্ৰ মন্ত্ৰীসকলৰ সন্মিলন , ভাৰতক বস্ত্ৰ-পোছাকৰ বিশ্বকেন্দ্ৰৰূপে গঢ়াৰ লক্ষ্য

dainik janambhumi January 09, 2026

ডিজিটেল ডেস্ক: ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা গুৱাহাটীত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় বস্ত্র মন্ত্রী সন্মিলন আৰম্ভ হৈছে। এই সন্মিলনত ভাৰতৰ বস্ত্ৰ খণ্ডৰ ভৱিষ্যতৰ ৰ'ডমেপ সম্পর্কে আলোচনা কৰিবলৈ সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বস্ত্ৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত হৈছে। এই সন্মিলনৰ বিষয়বস্তু হৈছে 'ভাৰতৰ বস্ত্ৰ: বয়ন ক্ষেত্ৰৰ বিকাশ, ঐতিহ্য আৰু উদ্ভাৱন'। 

এই কাৰ্যসূচীৰ লক্ষ্য হৈছে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদক শক্তিশালী কৰা আৰু ভাৰতক বস্ত্ৰ, পোছাক আৰু কাৰিকৰী বস্ত্ৰৰ এক বিশ্বকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সমন্বিত প্রচেষ্টাৱলী বৃদ্ধি কৰা। কালিৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱ, বস্ত্ৰ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্মিলনখন মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয় যে ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সম্মিলনৰ উদ্দেশ্য হৈছে ভাৰতৰ বস্ত্ৰ উদ্যোগক সুদৃঢ় কৰাৰ বাবে এক শক্তিশালী ৰ'ডমেপ প্ৰস্তুত কৰাত সহায়ক হোৱাকৈ বুদ্ধিশীলতা, উদ্ভাৱন আৰু ধাৰণা বিনিময়ক উৎসাহিত কৰা। 

সন্মিলনত ভাষণ প্রদান কৰি মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই গুৱাহাটীত ৰাষ্ট্ৰীয় বস্ত্র মন্ত্রী সন্মিলন আয়োজন কৰাটো গৌৰৱৰ কথা বুলি উল্লেখ কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলৰ মাজত আলোচনা আৰু সমন্বয়ৰ জৰিয়তে এই সম্মিলনে ভাৰতীয় বস্ত্র উদ্যোগক বিশ্ব বজাৰত নিজৰ উপস্থিতি সম্প্ৰসাৰিত কৰিবলৈ সক্ষম কৰি তুলিব। ২০১৯-২০ চনৰ হস্ততাঁতৰ লোকপিয়লৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ হস্ততাঁতৰ উৎপাদন দেশৰ ভিতৰতে সৰ্বাধিক আৰু মুঠ হস্ততাঁতৰ উৎপাদনৰ ৫২ শতাংশই উত্তৰ-পূবৰ। কালি ভাৰতৰ বস্ত্ৰশিল্পৰ শক্তি, উদ্ভাৱন আৰু সমৃদ্ধ-ঐতিহ্য প্ৰদৰ্শন কৰা প্রদর্শনী আৰু পেভিলিয়ন মুকলি কৰা হয়। লগতে ভাৰতৰ বস্ত্ৰ মানচিত্ৰ: ৰাজ্যিক সংকলন ২০২৫ শীর্ষক প্রতিবেদনো প্রকাশ কৰা হয় ।

Share This