ডিজিটেল ডেস্ক : আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে কংগ্ৰেছে। বিৰোধী দলবোৰৰ সৈতে মিত্রতা এতিয়াও চূড়ান্ত হোৱা নাই যদিও কংগ্রেছে প্রার্থিত্ব প্রত্যাশীসকলৰ পৰা আৱেদন বিচাৰিছে। আনকি ১২৬টা সমষ্টিতে কংগ্ৰেছ দলৰ প্রার্থীয়ে আৱেদন কৰিব পাৰিব। উল্লেখযোগ্য যে বছৰটোৰ শেষৰ দিনটোত কংগ্ৰেছ দলৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনলাইনযোগে অনুষ্ঠিত হয়। এই বৈঠকতে আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ ৱেবছাইট www.apcc.assam.orgযোগে আবেদন-পত্র ডাউনল'ড কৰি ল'ব পাৰিব।
এই আৱেদন অহা ৫ জানুৱাৰীৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনত জমা দিব পাৰিব। ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈকে এই প্রক্রিয়া চলিব আৰু ৫০ হাজাৰ টকাৰ মাচুলসহ আৱেদন জমা দি ৰাজীৱ ভৱনৰ পৰা প্ৰাৰ্থিত্বপ্রত্যাশীসকলে প্রাপ্তি স্বীকাৰ ৰচিদ সংগ্ৰহ কৰি জিলা কার্যালয়ত জমা দিব লাগিব। ইফালে, প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰা মতে, 'কংগ্ৰেছ দলে এইবাৰৰ নিৰ্বাচনত ১০০টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ চিন্তা-চৰ্চা কৰিছে যদিও সকলো সমষ্টিৰ বাবে কংগ্ৰেছৰ দলৰ প্রার্থীয়ে আৱেদন কৰিব পাৰিব। যি ২৬টা সমষ্টিত আন বিৰোধী দলসমূহক এৰি দিয়া হ'ব সেই সমষ্টিসমূহত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জমা দিয়া আবেদন মাচুল ঘূৰাই দিয়া হ'ব।' উল্লেখযোগ্য যে কংগ্রেছে ১০০টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব বুলি কৰা ঘোষণাক লৈ আন বিৰোধি 'মিত্র' দলবোৰে শেহতীয়াকৈ অসন্তুষ্টি ব্যক্ত কৰিছিল। কিন্তু ইয়াৰ পাছতো কংগ্রেছে এশটা সমষ্টিতে প্রার্থী থিয় কৰোৱাত আকোৰ-গোঁজ হৈ আছে। এনে পৰিস্থিতিত মিত্ৰতা কি হ'ব সেয়া সময়েহে ক'ব। মিত্ৰতাৰ ক্ষেত্ৰত আশাবাদী প্রদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে মিত্ৰতাক লৈ দলৰ ভিতৰত আলোচনা আৰম্ভ হৈছে। কোন দলে কিমান সমষ্টিত প্রার্থিত্ব আগবঢ়াব সেয়া সকলোৰে সৈতে আলোচনাৰ অন্তত ৰাজহুৱা কৰা হ'ব।
ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চিপিএম, চিপিআইকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহৰ লগত কংগ্রেছ দলৰ এক সৌহাদ্যপূর্ণ আলোচনা আৰু সামূহিক কৰ্মসূচী আৰম্ভ হৈছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ হিংসাজৰ্জৰ খেৰণিলৈ অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ আৰু আন বিৰোধী দলৰ প্ৰতিনিধিসকল একেলগে গৈ পৰিস্থিতিৰ বুজ লৈছে বুলি উল্লেখ কৰি তেওঁ বিৰোধী ঐক্যই বিধানসভাৰ নির্বাচনত যথেষ্ট শক্তিশালীভাবে কাম কৰিব বুলিও মত প্রকাশ কৰে।