ডিজিটেল ডেস্ক : 'ৰাইজৰ দলৰ সৈতে মিত্রতা নকৰিলে ২০২৬ৰ নিৰ্বাচনত উজনি অসমত এখনো
আসন নাপাব কংগ্রেছে।' নামনি অসমৰ বিলাসীপাৰা আৰু গোৱালপাৰাৰ বিভিন্ন প্রান্তত উচ্ছেদিত অঞ্চল পৰিভ্ৰমণ কৰি বুধবাৰে সন্ধিয়া গোৱালপাৰা জিলাৰ শালমাৰাত অনুষ্ঠিত এখন বিশাল জনসভাত অংশগ্রহণ কৰি এনেদৰে কেইবাটাও তাৎপৰ্যপূৰ্ণ ৰাজনৈতিক মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ৰাইজৰ দলৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি তথা অধিবক্তা মুস্তাকিবুল হকৰ সভাপতিত্বত শালমাৰা বিহু ফিল্ডত অনুষ্ঠিত জনসভাত বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তেওঁৰ স্বভাৱসুলভ ভাষণত কয় যে অসমৰ প্ৰতিটো জাতি- জনগোষ্ঠীৰ শান্তি নাইকিয়া কৰিছে বিজেপি, আৰ এছ এছে।
শেহতীয়াকৈ চৰকাৰে হিটলাৰৰ দৰে কেৱল ক্ষমতাৰ লোভত অসমৰ বিশেষকৈ মুছলমান লোকসকলক ইহুদিসকলৰ দৰে নির্যাতন চলাইছে। সেয়ে '২৬ৰ নিৰ্বাচনত সাম্প্রদায়িক বিজেপিক ব্রহ্মপুত্রত দলিয়াই দিব লাগিব। তেওঁ আৰু কয় যে মুখ্যমন্ত্রীয়ে কেৱল মুছলমানৰ মাটি কাঢ়ি নিয়া নাই। অসমৰ থলুৱা, ভূমিপুত্ৰসকলৰো শ শ বিঘা মাটি কাঢ়ি নি তেওঁ আদানিক গতাই দি নৰেন্দ্ৰ মোদীৰ প্রিয়ভাজন হ'বলৈ চেষ্টা কৰিছে। কেৱল বিজেপিক দলিয়াই দিলেই নহ'ব, বিজেপিৰ লগতে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফকো বিদায় দিব লাগিব '২৬ৰ নিৰ্বাচনত। ২০২৬ৰ নিৰ্বাচনত হিন্দু-মুছলমান একেলগ হৈ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক একেলগে ব্রহ্মপুত্রত দলিয়াই দিলেহে অসমত শান্তি আহিব বুলি কয় বিধায়ক অখিল গগৈয়ে। কিন্তু এইক্ষেত্ৰত ৰাইজক সাৱধান কৰি দি অখিল গগৈয়ে কয়- কংগ্রেছক অকলে ভোট নিদিব। কিয়নো কংগ্রেছক অকলে ক্ষমতাত বহুৱালে তেওঁলোকে পূৰ্বৰ দৰেই ৰাইজৰ বাবে একোৱেই নকৰে। কংগ্রেছ ক্ষমতালৈ আহিলে ৰাইজৰ সমস্যাবোৰৰ কথা পাহৰি যায়।
অখিল গগৈৰ মতে, স্বাধীনতাৰ পিছৰে পৰা ক্ষমতাত থাকিও অসমৰ সংখ্যালঘু মুছলমান লোকৰ কোনো এটা সমস্যাই সমাধান কৰা নাই কংগ্ৰেছে। '২৬ৰ নিৰ্বাচনত অখিল গগৈৰ দলে মিত্ৰজোঁটৰ চৰকাৰত থাকিলে মাত্ৰ এবছৰতে অসমৰ প্ৰতিজন ভূমিহীন লোকক ভূমিপট্টা প্রদান কৰিব আৰু পাঁচ বছৰত প্ৰতিখন পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্রুতি দিয়ে। অৱশ্যে এই সকলোবোৰ নিৰ্ভৰ কৰিব কংগ্ৰেছৰ ওপৰত। মিত্ৰতা সন্দর্ভত তেওঁ কয়- ৰাজ্যৰ বিজেপি-বিৰোধী সকলো দলেই মিত্ৰতাৰ কথা স্পষ্টকৈ ক'লেও কংগ্রেছে এতিয়াও নিজৰ স্থিতি স্পষ্ট কৰা নাই। কংগ্ৰেছক সুবিধাবাদীৰ ৰাজনীতি এৰি মিত্ৰতাৰ দিশত আগবাঢ়ি সঠিক সিদ্ধান্ত ল'বলৈ আহ্বান জনায় বিধায়ক অখিল গগৈয়ে। ইপিনে, বিধায়ক অখিল গগৈয়ে কয় যে দ্রব্য মূল্যবৃদ্ধিৰ লগতে ৰাজ্যৰ থলুৱা আৰু ক্ষুদ্র ব্যৱসায়ীসকলক মাধমাৰ শোধাই বিজেপি চৰকাৰে সমগ্ৰ ব্যৱসায় বাণিজ্য ব্যৱস্থাটোক বিশ্বৰ সৰ্ববৃহৎ পুঁজিপতি আৰু আদানি-আম্বানিক গতাই দিছে আৰু ইয়াৰ কুফল ভোগ কৰিছে সৰ্বসাধাৰণ ৰাইজে। সভাত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আশ্রাফুল হুছেইন, গোৱালপাৰা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি এছ আই চৌধুৰী, সদৌ অসম ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইনৰ লগতে কেইবাজনো ব্যক্তিয়ে ভাষণ দিয়ে।
সভাত ভাষণ দি বিধায়ক অখিল গগৈয়ে লগতে কয় যে সংখ্যালঘুৰ ভোট বিচাৰি আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই। ফেচিষ্ট শাসকৰ আক্ৰমণৰ বলি হোৱা সকলো দুৰ্গতৰ বিপদত লগত থকাটো মানৱতাৰ কথা। মই মানুহ হৈ থাকিব খোজোঁ, এম এল এ নহয়। এই উচ্ছেদ অসমীয়া জাতিৰ স্বাৰ্থত নহয়। এই উচ্ছেদ ভোটৰ স্বাৰ্থত কৰা এক আসুৰিক কাম। এই উচ্ছেদে পুঁজিপতিক সন্তুষ্ট কৰি গাদী বচাবলৈ কৰা অপচেষ্টা। ইয়াৰ পৰা থলুৱা অসমীয়াৰ একো উপকাৰ নহয়। লগতে তেওঁ অসমীয়া জাতিক ভাবুকি নিদিবলৈ এ বি এমছুৰ কাৰ্যকৰী সভাপতি মইনুদ্দিন আলীক সকীয়াই দিয়ে।