যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ

dainik janambhumi January 30, 2026

ডিজিটেল ডেস্ক : বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত আৰম্ভ হ'ল মাজুলীবাসীৰ বহু আকাংক্ষিত যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণৰ কাম। পূৰ্বৰ দুই ঠিকাদাৰ গোষ্ঠীৰ মতানৈক্যৰ বাবে যোৱা প্ৰায় ডেৰ বছৰ ধৰি দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছিল। পূৰ্বৰ ঠিকাদাৰ গোষ্ঠীক আঁতৰাই চৰকাৰে নতুন নিবিদা প্ৰক্ৰিয়াৰে SP Simla নামৰ এক নতুন ঠিকাদাৰক নিৰ্মাণৰ দায়িত্ব অর্পণ কৰে। নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ পাছত নতুন ঠিকাদাৰে সম্প্রতি ২০২৮ চনৰ ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ লক্ষ্যৰে ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। দক্ষিণপাটৰ মাজমজিয়াত থকা প্রকল্প স্থানৰ লগত সংযোগ হৈ থকা পথটিৰ মেৰামতি আৰু নদীৰ মাজলৈ নিৰ্মাণত সহায়ক হোৱাকৈ নির্মাণ কার্য দ্রুতগতিত আৰম্ভ হৈছে। 

মাজুলীৰ দক্ষিণপাট দিশৰ পৰা নদীৰ মাজলৈ পথ নির্মাণ কার্য অধিক ক্ষিপ্র গতিত আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি নতুন ঠিকাদাৰ বাহিনীৰ নিয়োজিত বিষয়া- কৰ্মচাৰীয়ে প্ৰকল্প স্থানত যাৱতীয় কাম-কাজ নিতৌ চোৱা-চিতা কৰাৰ উপৰি নতুনকৈ আৰম্ভ হ'বলগীয়া কামৰ পৰিকল্পনা আৰু পৰ্যবেক্ষণ কৰি আছে। বর্তমানে মাজুলী দিশত প্রায় ৭০/৮০জন কৰ্মচাৰী, শ্রমিকে কাম কৰি আছে। আনহাতে, যোৰহাট দিশৰ হাতীশালত প্রায় ডেৰশৰোধিক শ্রমিকে অধিক দ্রুতগতিত নিৰ্মাণৰ কাম কৰি আছে। দলং সংযোগী পথৰ কাম মাজুলী দিশত নিয়োজিত ঠিকাদাৰ বাহিনীয়ে অধিক তৎপৰতাৰে আৰম্ভ কৰিছে। মাজুলীবাসীৰ দীৰ্ঘদিনৰ দাবীৰ পৰিপ্ৰেক্ষিতত ২০২১ চনত দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পাছত কেতবোৰ বিশেষ কাৰণত দলঙৰ নিৰ্মাণৰ কাম মাজে মাজে স্থবিৰ হৈ পৰিছিল। যাৰ বাবে মাজুলীৰ বিভিন্ন দল-সংগঠন তথা ৰাইজে মাজে মাজে ইয়াৰ প্ৰতিবাদী কার্যসূচীও হাতত ল'ব লগা হৈছিল। শেহতীয়াকৈ যোৱা সপ্তাহৰ পৰা হাতীশালৰ লগতে মাজুলী দিশতো নিৰ্মাণ কাৰ্যৰ মাটিৰ কাম আৰম্ভ হৈছে। নিয়োজিত বিষয়াসকলে নিৰ্মাণ কাৰ্য তদাৰক কৰি আছে। ৰাইজে দীর্ঘদিনে আশা কৰামতে দলংখনৰ নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়ত সম্পূর্ণ হ'লে মাজুলীৰ লগত বহিঃযোগাযোগ অধিক সুচল হ'ব। ব্যৱসায়-বাণিজ্যৰ লগতে উচ্চ শিক্ষা, স্বাস্থ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত ৰাইজে ক্ষিপ্ৰ সুবিধা লাভ কৰিব। 

যিহেতু বাৰিষাৰ লগে লগে যুগ যুগ ধৰি মাজুলীবাসীয়ে ভুগি অহা যন্ত্রণা সমস্যাৰ পৰা সকাহ পাব। ইয়াৰ উপৰি দেশৰ পথ মানচিত্রত মাজুলী অন্তর্ভুক্ত হোৱাটো মাজুলীৰ বাবে এক গৌৰৱৰ বিষয় হৈ পৰিব। সমান্তৰালভাৱে দেশী-বিদেশী পর্যটকে সত্ৰ নগৰী মাজুলী দর্শন আৰু ভ্ৰমণত বিশেষ সুবিধা লাভ কৰিব। জানিব পৰা মতে, ৫ ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই মাজুলী ভ্রমণকালত দলঙৰ নিৰ্মাণ স্থান পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে।

Share This