ডিজিটেল ডেস্কঃ প্রচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। ক্রমান্বয়ে বাঢ়ি আহিছে সূৰ্যৰ উত্তাপ। উৎকট গৰমৰ বাবেই সলনি হৈছে এতিয়া বিদ্যালয়সমূহৰ পাঠদানৰ সূচীও। শিক্ষা মন্ত্রী ড° ৰণোজ পেগুৱে জিলা আয়ুক্তলৈ নির্দেশনা জাৰি কৰি বিদ্যালয়সমূহৰ পাঠদানৰ সমসূচী, সলনি কৰিছে। প্ৰসংগক্রমে উল্লেখৰ প্ৰয়োজন যে একাংশ অসাধু লোকে গছ-গছনি কাটি যিদৰে বন ধ্বংস যজ্ঞত নামি পৰিছে তাৰেই পৰিণতিত এতিয়া হেৰাই গৈছে প্ৰকৃতিৰ ভাৰসাম্য।
ক্ৰমাৎ হ্রাস পাইছে বৰষুণৰ পৰিমাণ। ইপিনে ভূতৰ ওপৰত দানহ পৰাদি এই উৎকট গৰমৰ সমান্তৰালভাৱে ৰাজ্যখনত বিদ্যুতৰ লুকা-ভাকুৱে বাৰুকৈয়ে অতিষ্ঠ কৰিছে জনসাধাৰণক। দিনটোৰ সৰহভাগ সময়েই নাথাকে বিদ্যুৎ যোগান। ফলত গৰমৰ পৰা অকণমান পৰিত্ৰাণ বিচাৰি বিজুলী পাংখা অথবা এ চিৰ হাৱা খাব খুজিলেও উপায় নাই। সকলো অচল। বিদ্যুতৰ লুকা-ভাকুৰ বাবে ৰাজ্যখনত সৰু-বৰ উদ্যোগ প্রতিষ্ঠানৰ পৰা আৰম্ভ কৰি চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়, ব্যাৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে গেলা গৰমত অতিষ্ঠ হৈ পৰিছে। কাৰ্যালয়ত কৰ্মচাৰীসকলৰ কৰ্মোদ্যম হ্রাস পাইছে। স্কুল-কলেজত ছাত্র-ছাত্রীসকলেও পাঠ গ্রহণত অসুবিধাৰ সম্মুখীন হৈছে। ইপিনে গৰমৰ প্রকোপ দিনকদিনে বৃদ্ধি পাইছে। বেদনা আৰু বিষাদৰ অশ্ৰুৰ দৰে গাৰ পৰা বৈ আহিছে শৰীৰৰ ঘাম। কিন্তু একাংশক আকৌ এই গেলা গৰমে দিছে আনন্দ। হয়, এইসকল হৈছে কুঁহিয়াৰ ৰস বিক্রেতা। এইসকল সাধাৰণ ব্যৱসায়ীয়ে কোনোৰকমে এবছৰত কষ্টৰ বলেৰে উপার্জন কৰা টকা এইবাৰ আকৌ মাত্র আঠ-দহ দিনৰ ভিতৰতেই উপার্জন কৰিছে। সঘনাই হোৱা দামবৃদ্ধিয়ে এইসকল কুঁহিয়াৰ ৰস বিক্ৰেতাৰ সন্মুখত বিৰাট প্রত্যাহ্বান হিচাপে থিয় দি আছিল যদিও সূর্য দেৱতাৰ প্ৰখৰ ৰ'দে কুঁহিয়াৰ ৰস বিক্রেতাসকলৰ মুখত হাঁহি বিৰিঙাইছে। মন কৰিবলগীয়া যে গেলা গৰমত যে কেৱল কুঁহিয়াৰ বিক্রেতাসকলহে আনন্দিত হৈছে, সেয়া নহয়। সাধাৰণ নেমুৰ চৰ্বত আৰু বৰফ বিক্রেতাসকলে উৎকট গৰমক লৈ আনন্দিত হৈ পৰিছে। যিহেতু তেওঁলোকৰ উপাৰ্জন গৰমৰ বাবেহে বৃদ্ধি পাইছে।