ডিজিটেল ডেস্ক : ধুবুৰী জিলাৰ নৱগঠিত গোলকগঞ্জ সমষ্টি তথা পূৰ্বৰ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত ওতাৰবান্দৰ পৰা দক্ষিণ ৰায়পুৰ তৃতীয় খণ্ড গাঁওলৈ মুখ্যমন্ত্ৰীৰ মাটি পেলায় আৰু কিছু কিছু স্থানত মাটিৰ ওপৰত শিল-বালি পেলাই দায়িত্ব সামৰে। পথটো পকীকৰণৰ কাম আৰম্ভ নকৰিয়ে নিৰ্মাণ কাৰ্যত জড়িত লোকসকলে গোপনে স্থান ত্যাগ কৰে। ডেৰ বছৰ ধৰি পথটো এনেই পৰি আছে। বৰষুণে মাটি-বালি ধুই নিয়াত শিলবোৰ ওলাই পৰি সাধাৰণ ৰাইজৰ যাতায়াতত চৰম সমস্যাৰ সৃষ্টি হৈছে। কিছু অংশত দ গাঁতৰ সৃষ্টি হৈছে। ইপিনে ওতাৰবান্দ এল পি স্কুল আৰু ওতাৰবান্দ বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ কাষৰ কালভার্ট দুটাৰ দুয়োকাষৰ মাটি বৰষুণৰ পানীয়ে ধুই নিয়াত প্রকাণ্ড খালৰ সৃষ্টি হৈছে। ফলত যান-বাহন চলাচলত চৰম দুর্ভোগ ভুগিব লগা হৈছে।
সাধাৰণ পথচাৰীয়েও যমৰ যাতনা ভুগি আহিছে যদিও কোনো দিনে আহি খবৰ লোৱা নাই গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানে। উক্ত স্থান গৌৰীপুৰ সমষ্টিৰ পৰা গোলকগঞ্জ সমষ্টিত চামিল হোৱা বাবেই গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানে গুৰুত্ব আৰোপ কৰা নাই। ইপিনে গোলকগঞ্জ সমষ্টিৰ বৰ্তমানৰ বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাত গোলকগঞ্জ সমষ্টি এৰিব লগা হৈছে।
যাৰ বাবেই বিধায়ক সৰকাৰো গুৰুত্ব প্রদানৰ পৰা বিৰত হৈ আছে। কোনো এজন বিধায়কে গুৰুত্ব নিদিয়াত চৰম বিপাঙত পৰিছে অঞ্চলটোৰ ৰাইজ। সেয়ে উচ্চ পৰ্যায়ৰ তদন্ত কৰি অতিশীঘ্ৰে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি যাতায়াত সুচল কৰাৰ বাবে স্থানীয় ৰাইজে সংশ্লিষ্ট কর্তৃপক্ষক দাবী জনাইছে।