জোনাইত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি-অনিয়ম

Rashmi April 06, 2025

ডিজিটেল ডেস্কঃ চাৰিলেনযুক্ত পথ নিৰ্মাণ সংস্থা কালোৱালা কোম্পানীয়ে জোনাইত পথ নিৰ্মাণৰ নামত ক’ত আৰু কেনেকৈ দুৰ্নীতি-অনিয়ম সংঘটিত কৰি আহিছে ইয়াৰ প্ৰতিবেদন বিভিন্ন সময়ত সম্প্ৰচাৰ হৈ আহিছে বিভিন্ন সংবাদ মাধ্যমত৷
 
অৱশ্যে কালোৱালা কোম্পানীয়ে জোনাইত পথ নিৰ্মাণৰ নামত আজিও অব্যাহত ৰাখিছে ব্যাপক দুৰ্নীতি-অনিয়ম৷
কাৰণ ইয়াৰ বিৰুদ্ধে মাত মাতিব লগীয়া স্থানীয় সকলো দল-সংগঠন সমূহহেও যে সন্দেহজনকভাবে গ্ৰহণ কৰিছে ধৃতৰাষ্ট্ৰৰ ভূমিকা৷

আজি আমি জনাম কালোৱালা কোম্পানীয়ে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত সংঘটিত কৰা ব্যাপক দুৰ্নীতি-অনিয়মৰ অন্য এক দৃশ্য৷

অকাজানৰ পৰা অৰুণাচলৰ অয়ানলৈ পথ নিৰ্মাণকাৰী সংস্থা কালোৱালা কোম্পানীয়ে নিৰ্মাণ কৰি থকা চাৰিলেনযুক্ত পথৰ জোনাইৰ লাইমেকুৰীৰ ৰাকুত ককেস্থিত পথৰ দুয়োপাৰে প্ৰায় ২-৩ মাহ পূৰ্বে নিৰ্মাণ কৰা slope protection টো অতি নিম্নমানেৰে নিৰ্মাণ কৰাত সাধাৰণ দুই-এজাক বৰষুণতে চপৰা চপৰে খহি গৈ যিকোনো সময়তে ঘাইপথটো খহাই নিয়াৰ সম্ভাৱনাই দেখা দিয়াত স্থানীয় ৰাইজে বাৰম্বাৰ কালোৱালা কোম্পানীৰ কৰ্মকৰ্তাক বিষয়টো অৱগত কৰাৰ পিছতো কোম্পানীটোৱে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰাইজে৷

যিহেতু বাৰিষা সমাগত৷ দুই-এজাক বৰষুণতে যদি ইমান খহনীয়া হ’ব পাৰে, তেন্তে বাৰিষাৰ বৰষুণত কিমান খহিব পাৰে এয়া সহজে অনুমেয় নিশ্চয়কৈ৷ 

সেয়ে জোনাইত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা কালোৱালা কোম্পানীয়ে পথ নিৰ্মাণৰ নামত সংঘটিত কৰা ব্যাপক দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে৷

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This