কটনিয়ানৰ প্ৰতিবাদত উত্তাল কটন বিশ্ববিদ্যালয়

dainik janambhumi May 20, 2025

ডিজিটেল ডেস্ক : পৰীক্ষাকেন্দ্ৰিক আসোঁৱাহ দূৰ কৰাৰ দাবীত আজি কটনিয়ানৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কালি বিশ্ববিদ্যালয়ত ক্ষুব্ধ কটনিয়ানৰ প্রতিবাদত কপিল বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকৰ কাৰ্যালয়। উপাচার্যসহ পৰীক্ষা নিয়ন্ত্রকক সম্মুখত ৰাখি কৰা প্ৰতিবাদত কটনিয়ানৰ প্রশ্নত উত্তৰহীন হ'ল বিশ্ববিদ্যালয় কর্তৃপক্ষ। উল্লেখযোগ্য যে ছমাহ ধৰি পৰীক্ষাৰ ফলাফলৰ পৰা বঞ্চিত হোৱা ক্ষুব্ধ কটনিয়ানে তলা ওলমালে পৰীক্ষা নিয়ন্ত্রকৰ কাৰ্যালয়ত। নির্ধাৰিত সময় উকলি যোৱাৰ পাছতো পৰীক্ষাৰ ফলাফল লাভ নকৰাত পৰীক্ষার্থীসকল ক্ষুব্ধ হৈ পৰে। সোমবাৰে এই পৰীক্ষাকেন্দ্রিক আসোঁৱাহ দূৰ কৰাৰ দাবীত কটনব ছাত্র সমাজে তীব্র প্রতিবাদ সাব্যস্ত কৰে। 

কটন বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে পৰীক্ষা নিয়ন্ত্রকৰ কাৰ্যালয়ৰ বাহিৰত তীব্র প্রতিবাদ সাব্যস্ত কৰি সকলো সমস্যা সমাধান কৰাৰ দাবী কৰে। শতাধিক কটনিয়ানে প্রতিবাদ সাব্যস্ত কৰি মুঠ ১১টা দাবী পূৰণ কৰিবলৈ বিশ্ববিদ্যালয় কর্তৃপক্ষক আহ্বান জনায়। প্রতিবাদী শিক্ষার্থীয়ে প্রকাশ কৰে যে বিশ্ববিদ্যালয়ৰ অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ আজিলৈকে ফলাফল ঘোষণা কৰা নাই। তাতোকৈ দুর্ভাগ্যজনক কথা হ'ল যে স্নাতক দ্বিতীয় ষাণ্মাসিকৰ লগতে চতুর্থ ষান্মাসিকৰ পৰীক্ষা একেলগে অনুষ্ঠিত কৰিছে। তেনে ক্ষেত্রত স্নাতক চতুর্থ ষাণ্মাসিকৰ বেক্ থকা ছাত্র-ছাত্ৰীয়ে কেনেদৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলিও প্রশ্ন কৰে। তেওঁলোকে স্নাতক চতুর্থ আৰু দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষা একে সময়ত অনুষ্ঠিত হ'ব নোৱাৰে বুলি স্পষ্ট কৰি স্নাতক দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষা স্নাতক চতুর্থ ষাণ্মাসিকৰ পৰীক্ষা শেষ হোৱাৰ পাছতহে আৰম্ভ হ'ব লাগিব বুলি দাবী কৰে। 

প্রতিবাদীসকলে প্রকাশ কৰে যে অহা ৮ জুনত লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ'ব। সেইবাবে স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিক পৰীক্ষা প্রিলিমছৰ ২ দিন পিছত ১১ জুনৰ পিছত অনুষ্ঠিত কৰাৰ দাবী কৰে। স্নাতক তৃতীয় আৰু স্নাতক প্রথম ষান্মাসিকৰ ফলাফল ২৩ মে'ত প্রকাশ কৰাৰো দাবী কৰে। স্নাতকোত্তৰ প্ৰথম, স্নাতক পঞ্চম আৰু তৃতীয় ষাণ্মাসিকৰ বেটাৰমেণ্টৰ ফলাফল ৩১ মে'ৰ ভিতৰত প্রকাশ কৰিবলৈ প্ৰতিবাদীসকলে দাবী কৰে। স্নাতক ষষ্ঠ আৰু স্নাতকোত্তৰ চতুর্থ ষাণ্মাসিকৰ এডমিট কার্ড তৎক্ষণাৎ প্রদান কৰিবলৈয়ো দাবী কৰে। আনহাতে ষাণ্মাসিক পৰীক্ষাৰ ফলাফল পৰীক্ষা শেষ হোৱাৰ ৪৫ দিনৰ ভিতৰত (সর্বাধিক সময়সীমা) ঘোষণা কৰাৰো দাবী কৰে। আনহাতে, পৰীক্ষাৰ এন চি/ডি চি লিষ্ট প্রকাশ নকৰাকৈ প্ৰ-পত্ৰ পূৰণ কৰোৱা বুলিও অভিযোগ কৰে। বিশ্ববিদ্যালয় কর্তৃপক্ষই পৰীক্ষাৰ নামত টকা লৈ এন চি/ডি চিৰ তালিকা উলিয়াই দিলে ছাত্র-ছাত্ৰীয়ে পৰীক্ষা দিব নোৱাৰিব বুলিও প্রতিবাদীসকলে অভিযোগ কৰে। প্ৰতিবাদীসকলে এন চি/ডি চিৰ তালিকা ফর্ম ফিল-আপৰ কমেও ১২ দিন আগতে প্রকাশ কৰিবলৈয়ো দাবী কৰে। ইফালে ক্ষুব্ধ শিক্ষার্থীৰ প্রতিবাদত কটন বিশ্ববিদ্যালয় কর্তৃপক্ষই পাছত সেও মানিবলৈ বাধ্য হয়। কর্তৃপক্ষই ষাণ্মাসিক পৰীক্ষাৰ ফলাফল অহা ৩০ মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি ছাত্র সমাজক আশ্বাস দিয়ে। লগতে স্নাতক দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষা ১৩ জুনলৈ পিছুৱাই দিয়ে। লক্ষণীয়ভাৱে কর্তৃপক্ষই এন চি/ডি চিৰ তালিকা তাৎক্ষণিকভাৱে খাৰিজ কৰা বুলিও ঘোষণা কৰে।

Share This