ডিজিটেল ডেস্ক : কটন বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতিৰ পদত অসম ছাত্ৰ পৰিষদ আৰু সাধাৰণ সম্পাদকৰ পদত আছুৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। সভাপতিৰ পদত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ দ্বীপ শেখৰ কলিতাকে ধৰি ৫গৰাকীকৈ প্রার্থীয়ে জয়লাভ কৰে। আলোচনী সম্পাদকৰ পদত এঞ্জেলিনা দাস, সংগীত সম্পাদকৰ পদত জ্ঞানদ্বীপ তামুলী, ক্রিকেট সম্পাদকৰ পদত বিশাল বৈশ্য আৰু শৰীৰ চৰ্চা বিভাগৰ পদত মৃণ্ময় বড়োৱে জয়লাভ কৰি কটনত আঞ্চলিকতাবাদৰ নিচান উৰুৱায়। প্ৰতিগৰাকী বিজয়ী প্রার্থীক অসম গণ পৰিষদৰ তৰফৰ পৰা সভাপতি অতুল বৰাই অভিনন্দন জনাই তেওঁলোকক আপোচবিহীনভাৱে স্বচ্ছ আৰু নিকা মন লৈ কটন আৰু ছাত্ৰ-ছাত্ৰীৰ উত্তৰণৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। আনহাতে, ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত কৃতীময় কাশ্যপকে ধৰি ৮টা পদত আছু সমর্থিত প্রার্থী বৃহৎ জয়ী হয়। এই জয় ছাত্র শক্তিৰ জয়।
সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিজয়ী প্ৰতিগৰাকী প্রার্থীলৈ অভিনন্দন জনোৱাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্য তথা শুভাকাংক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ ৰক্তিম পতাকাখনি দেৱদাৰুৰ নীল আকাশত সদায়ে উৰি আহিছে আৰু অনাগত ভবিষ্যতত এই জয়যাত্রা অব্যাহত থাকিব বুলি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি
কমল মহন্ত আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকাই এটা প্রেছ বিবৃতিযোগে জনায়।ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ হৈছিল। কালি ভোট গণনাৰ অন্তত ফলাফল ঘোষণা কৰা হয়।
এইবাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি পদত দ্বীপশেখৰ কলিতা, উপ-সভাপতি পদত তুজা ব্রহ্ম, সাধাৰণ সম্পাদক পদত কৃতীময় কাশ্যপ, সহকাৰী সাধাৰণ সম্পাদক পদত ময়ূৰী বৰুৱা, আলোচনী সম্পাদক পদত এঞ্জেলিনা দাস, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদত পৱিত্ৰ বড়ো, ছাত্রী জিৰণি কোঠাৰ সম্পাদিকা পদত সাধনা শ্রেষ্ঠ, তর্ক আৰু আলোচনা-চক্ৰৰ সম্পাদক পদত দ্বীপম সাহা, সমাজসেৱা বিভাগৰ সম্পাদক পদত নিশান্ত ভৰদ্বাজ, সংগীত বিভাগৰ সম্পাদক পদত জ্ঞানদীপ তামুলী, সাংস্কৃতিক সম্পাদক পদত ভায় 'লিনা বড়ো, ফুটবল আৰু হকী সম্পাদক পদত দ্বীপ কামান, এথলেটিক্ সম্পাদক পদত নিবিড় মুহূর্ত বৰুৱা, ক্রিকেট সম্পাদক পদত বিশাল বৈশ্য, লঘু ক্রীড়া সম্পাদক পদত ধনজিতা ৰামচিয়াৰী, টেনিছ, সাঁতোৰ আৰু জিমনেছিয়াম শাখাৰ সম্পাদক পদত মৃণ্ময় বড়ো জয়ী হয়।
উল্লেখযোগ্য যে তিনিটা শাখাত ক্রমে ছাত্র জিৰণি কোঠা, ফুটবল আৰু হকী তথা লঘু ক্রীড়াত বিনা প্রতিদ্বন্দ্বিতাৰে প্রার্থী নির্বাচিত হয়। কটন বিশ্ববিদ্যালয় সূত্রই প্রকাশ কৰা অনুসৰি অহা ১৩ অক্টোবৰত নির্বাচিত প্রার্থীসকলক শপতগ্রহণ কৰোৱা হ'ব। তদুপৰি, শৃংখলাবদ্ধভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰি সুচাৰুৰূপে সমগ্র প্রক্রিয়া অনুষ্ঠিত কৰাত সহযোগ কৰাৰ বাবে ছাত্র-ছাত্রীসহ সকলোকে কর্তৃপক্ষই আন্তৰিক ধন্যবাদ জনাইছে।