ডিজিটেল ডেস্ক: যোৱা ৩০-৩৫ বছৰৰ ভিতৰত এইবাৰৰ অসম বিধানসভাৰ নিৰ্বাচনক ঐতিহাসিক আখ্যা দিছে ৰাজ্যৰ মুখ্য নির্বাচন বিষয়াই। অহা ৪ মে'ত হ'বলগীয়া ভোট গণনাৰ পূৰ্বে কালি দিছপুৰত অনুষ্ঠিত সংবাদমেলত মুখ্য নির্বাচন বিষয়া অনুৰাগ গোৱেলে কয় যে এইবাৰেই সর্বাধিক সংখ্যক ভোটদান হয়।
অহা চাৰি মে'ত ৰাজ্যৰ ৪০টা স্থানত ভোট গণনাৰ বাবে নিৰ্বাচন বিভাগে গ্রহণ কৰা প্ৰস্তুতিৰ বিষয়ওে সংবাদমেলত তেওঁ সদৰী কৰে। ৰাজ্যৰ ১২৬টা সমষ্টিৰ বাবে ১২৬গৰাকী আই এ এছ বিষয়া পর্যবেক্ষক নিযুক্ত হ'ব। ভোট গণনাৰ সময়ত প্রতিখন টেবুল পর্যবেক্ষণত থাকিব। আইন-শৃংখলা তথা নিৰাপত্তাৰ বাবে ২৫টা অর্ধসামৰিক বাহিনীৰ কোম্পানী দায়িত্বত থাকিব।
গণনাৰ সময়ত ২৩৪৮গৰাকী মাইক্ৰ'অবজার্ভাৰ থাকিব। চাৰিখন জিলাৰ বাদে প্রতিখন জিলাত এটা স্থানতে ভোট গণনা কৰা হ'ব। নগাঁও জিলাত তিনিটা গণনা কেন্দ্ৰ, কোকৰাঝাৰ, তিনিচুকীয়া আৰু যোৰহাট জিলাত দুটাকৈ ভোট গণনা কেন্দ্র থাকিব। মুখ্য নির্বাচন আয়ুক্ত গোৱেলে সংবাদমেলত আৰু কয় যে এইবাৰৰ বিধানসভাৰ নিৰ্বাচন ঐতিহাসিক, কাৰণ ভোটদানৰ হাৰ প্ৰায় ৮৬ শতাংশ হৈছিল। বিগত ৫টা বিধানসভা আৰু লোক সভাৰ নিৰ্বাচনৰ ভোটদানৰ হাৰৰ তথ্য উল্লেখ কৰি তেওঁ কয় যে ২০০১ চনত ৭৫.১৬ শতাংশ, ২০০৬ চনত ৭৫.৭২ শতাংশ, ২০১১ চনত ৭৬.০৫ শতাংশ, ২০১৬ চনত ৮৪.৬৪ শতাংশ আৰু ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত ৮২.০২ শতাংশ ভোটদান হৈছিল। লোক সভাৰ ২০২৪ চনৰ বিধানসভাৰ নিৰ্বাচনত ৮১.৫৬ শতাংশ ভোট গ্রহণ হৈছিল। সর্বাধিক সংখ্যক ৫খন জিলা ক্রমে দক্ষিণ শালমাৰা, ধুবুৰী, বৰপেটা, গোৱালপাৰা আৰু বঙাইগাঁৱত ভোটদান হৈছিল। সর্বনিম্ন ভোটদান হোৱা জিলাকেইখন ক্রমে কামৰূপ মহানগৰ, তিনিচুকীয়া, ধেমাজি, কাৰ্বি আংলং আৰু যোৰহাট।
মুখ্য নির্বাচন বিষয়া গোৱেলে নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰে পৰা মঙলবাৰ পর্যন্ত বিভিন্ন অনুসন্ধানকাৰী সংস্থাই ৫৯৯.৬৩৬ লাখ নগদ টকা, ২২৬৮.৭৬৮ লাখ টকা মূল্যৰ সুৰা, ৬৭৪৬.৮৯৯ লাখ টকাৰ ড্রাগকে ধৰি মুঠ ১১৪.৪৩ কোটি টকা মূল্যৰ নগদ ধন আৰু অন্যান্য সামগ্রী জব্দ কৰা হৈছিল। তেওঁ কয় যে চাৰি মে'ৰ ভোট গণনাৰ অন্তত সন্ধিয়া ৭ বজাৰ ভিতৰত সকলো সমষ্টিৰ ফল ঘোষণা সম্পূর্ণ হ'ব বুলি আশা কৰা হৈছে। ফল ঘোষণাৰ পাছত বিজয়ী প্ৰাৰ্থীৰ সমৰ্থকে সমদল উলিয়াব পাৰিব যদিও সকলোবোৰ নিয়ম মানিব লাগিব।