ডিজিটেল ডেস্ক : আজি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰপৰা আৰম্ভ হয় ভোটগণনা। উল্লেখযোগ্য যে যোৱা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ৰ ভিতৰত প্ৰথম পৰ্যায়ত ১৪ খন আৰু দ্বিতীয় পৰ্যায়ত ১৩ খন জিলাত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।
এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা আছিল ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী। জিলা পৰিষদ সমষ্টিৰ ৩৯৭ আসনৰ ভিতৰত ৩৪ত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়। আঞ্চলিক পঞ্চায়তৰ ২,১৯২ আসনৰ ভিতৰত ৩১১ খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়।
কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হ'ল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। ৰাজ্যৰ মুঠ ২৭ খন জিলাৰ ৩৯ টা স্থানত আজি ভোটগণনা আৰম্ভ হৈছে। ভাগ্য নিৰ্ণয় হ’ব অৰ্ধ লক্ষাধিক প্ৰাৰ্থীৰ।