'মায়াবিনী'ৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী, ডিমৰীয়াৰ বনভোজস্থলীত অগণন লোকৰ সমাগম

dainik janambhumi December 26, 2025

ডিজিটেল ডেস্ক : কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়াৰ কেইবাটাও স্থানত এতিয়া বনভোজৰ আনন্দ দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে কালি বৰদিনৰ আনন্দৰ লগতে নতুন বৰ্ষৰ আগমুহূৰ্তত ডিমৰীয়াৰ বিশেষকৈ ক্ষেত্ৰীৰ নিকটৱৰ্তী টেঘেৰিয়া জলপ্রপাতৰ নান্দনিক দৃশ্যত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বনভোজৰ আনন্দ ল'বলৈ শশ লোক আহি ভিৰ কৰে। ক্ষেত্ৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৬ কিঃমিঃ অতিক্রম কৰিলে দেখিবলৈ পোৱা যায় এটা সুন্দৰ প্ৰাকৃতিক মনোমোহা দৃশ্য। সকলোপিনে পাহাৰে আৱৰি থকা শিলবোৰৰ মাজেৰে বৈ আহিছে জলপ্রপাতৰ এটা নান্দনিক দৃশ্য। 

ইতিমধ্যে এই স্থানতে ডিচেম্বৰৰ পৰা নতুন বৰ্ষৰ জানুৱাৰীলৈ সহস্রাধিক লোকৰ সমাগম হয় আৰু আনন্দৰ মাজেৰে বনভোজ খাই নতুন বর্ষক আঁকোৱালি লয়। পূর্বতকৈ এই স্থানলৈ যোগাযোগৰ ক্ষেত্রত যথেষ্ট উন্নত হোৱাৰ লগতে বনভোজস্থলীত এখন কমিটীয়ে বর্তমান চোৱা-চিতা কৰি বনভোজ স্থলীখন আৰু অধিক উন্নত কৰাৰ বাবে পর্যাটন বিভাগক অনুৰোধ জনাইছে। প্রণিধানযোগ্য যে কালি এই স্থানতে ৰাজ্যৰ ভিন্ন প্রান্তৰ বনভোজৰ দলসমূহে আহি প্রাণৰ শিল্পী জুবিন গাৰ্গৰ গীতেৰে সকলোকে মুগ্ধ কৰে। ইয়াৰে কিছুসংখ্যক লোকে জুবিন গাৰ্গৰ ন্যায় সন্দর্ভতো মন্তব্য প্রদান কৰাৰ লগতে এনেকুৱা সুন্দৰ প্ৰকৃতিৰ মাজতে মৰমৰ শিল্পীগৰাকীক বিচাৰি পায় বুলিও একাংশৰ মাজত কথোপকথন হয়। প্রতিবছৰে এই স্থানত হাজাৰ হাজাৰ বনভোজৰ দলসমূহে আহি এটা সুন্দৰ দিন অতিবাহিত কৰে যদিও পর্যাপ্ত পৰিমাণৰ সা-সুবিধাৰ পৰা বঞ্চিত হ'ব লগাত পৰে পর্যটকসকলে। এইক্ষেত্ৰত চৰকাৰে টেখেবিয়া জলপ্রপাতৰ স্থলী উন্নতি কৰাৰ বাবে অনুৰোধ জনাইছে। ইপিনে অন্য এখন বনভোজস্থলী অসম-মেঘালয়ৰ সীমান্তবর্তী টোপাতলীৰ উমছিয়াং অঞ্চল।

 টোপাতলীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী প্রায় ১০ কিঃমিঃ অতিক্রম কৰিলে দেখা পোৱা যায় অসম-মেঘালয়ৰ সীমান্তৱর্তী উমছিয়াং। অতি মনোৰম দৃশ্য উপভোগ কৰাৰ বাবে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা কনভোজৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়। দুয়োখন বাজাৰ মাজতে অৱস্থিত উমছিয়াং নৈখনিতে আছে নান্দনিক প্রাকৃতিক পৰিৱেশৰ মাজতে বনভোজস্থলী। পাহাৰৰ শিলৰ মাজেৰে বৈ অহা নিজৰাৰ পানীৰ দৃশ্যই সকলো পর্যটকক মুগ্ধ কৰে। গছ-গছনিৰে ভৰপূৰ হৈ পৰা এই ঠাইতে ৰাজ্যৰ ভিন্ন প্রান্তৰ লোকে লোকাৰণা হৈ পৰে। টোপাতলীৰ একাংশ সচেতন ৰাইজে এই বনভোজস্থলী সুন্দৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ যত্ন কৰিছে যদিও চৰকাৰে পর্যটনস্থলীলৈ বৰূপান্তৰ কৰিলে আৰু অধিক মনোমোহা হ'ব বুলি জানিবলৈ দিয়ে।

Share This