ডিজিটেল ডেস্ক : ‘চ'তে গৈয়ে গৈয়ে ব'হাগে পালেহি ফুলিলে ভেবেলি লতা, কৈনো কৈ থাকিলে ওৰকে নপৰে ব'হাগৰ বিহুৰে কথা ৷’’ হয়, আজি অসমবাসীয়ে পালন কৰিছে বাপতিসাহোন ব’হাগ বিহুৰ গৰু বিহু। অসমীয়াৰ বাপোতিসাহোন ব'হাগ বিহুৰ পহিলা দিনটোত প্ৰতিজন অসমীয়াই অতিজৰে পৰা গৰু বিহু হিচাপে পালন কৰি আহিছে ।
বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ'তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু হিচাপে পালন কৰা হয় । আজি পুৱাতেই গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰিলে ৰাজ্যবাসীয়ে। অসমীয়াৰ তিনিটি বিহুৰ ভিতৰত ব’হাগ বা ৰঙালী বিহু অন্যতম ৷ কিয়নো ব'হাগতে প্ৰাণৱন্ত হৈ উঠে প্ৰকৃতি। প্ৰকৃতিৰ লঠঙা বিৰিষেও পুৰণি সাজ সলাই ন সাজেৰে সেউজীয়া হৈ পৰিছে ৷ ইয়াৰ মাজতে কুলি-কেতেকীৰ সুৰীয়া মাতে ব'হাগ বিহুক কৰি তুলিছে আৰু অধিক প্ৰাণৱন্ত । মুঠৰ ওপৰত ৰঙালীৰ আনন্দ-উল্লাসত মতলীয়া হৈছে ৰাজ্যৰ প্ৰতিজন চহা অসমীয়া । গৰু বিহু উপলক্ষে চহা কৃষক ৰাইজৰ ব্যস্ততাৰ যেন অন্ত নোহোৱা হৈছে ৷
আধুনিকতাৰ ধামখুমীয়াত বৰ্তমানৰ সমাজ ব্যৱস্থা পৰিৱৰ্তন হ’লেও আজিও চহা কৃষকৰ মাজত জীয়াই আছে গৰু বিহুৰ মাদকতা ৷ ৰাজ্যৰ প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে উখল-মাখল পৰিৱেশ। পুৱাতেই ওচৰৰ নৈ-বিল-পুখুৰীত গৰুক গা ধুৱাই লাও, বেঙেনা, হালধি গৰুৰ গালৈ ছটিয়াই প্ৰতিগৰাকী অসমীয়া কৃষিজীৱী লোকে ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা’ বুলি গাই গো-ধনৰ কুশল কামনা কৰে। এয়াই হৈছে অতীজৰ এক পৰম্পৰা। গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু ন-শক্তি কামনা কৰে। মুঠৰ ওপৰত গৰু বিহুৰ দিনটোত আধ্যাত্মিকভাৱে গৰুক সেৱা কৰা হয় ।