ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন

dainik janambhumi June 21, 2025

ডিজিটেল ডেস্ক : অসমত কঠোৰভাৱে বলৱৎ কৰা হ'ব 'অসম গো-সুৰক্ষা আইন।' শেহতীয়াকৈ হিন্দুৰ উপাসনা থলীলৈ গো-মাংস দলিওৱা কেইবাটাও ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীয়ে উক্ত আইনখন কঠোৰভাৱে বলৱৎ কৰাৰ বাবে জিলা আয়ুক্তসকলক নির্দেশ দিছে। শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত আয়োজিত এখন সংবাদমেলত এই কথা অৱগত কৰি কয়, 'একাংশই সম্প্রদায়িক বীজ সিঁচিবলৈ চেষ্টা কৰি আছে। ঈদৰ পাছৰ পৰা বিগত কেইদিনত অসমৰ কিছুমান স্থানত অশান্তিৰ বাতাৱৰণ সৃষ্টি কৰাৰ প্ৰয়াস আমি দেখিবলৈ পাইছোঁ। প্ৰথমতে ধুবুৰীত আৰু তাৰ পাছত লখিমপুৰত। তাৰ পাছত লখিমপুৰৰ পৰা গোৱালপাৰা আৰু হোজাইত এনে ঘটনা হোৱা দেখিবলৈ পাইছোঁ। 

সাম্প্রদায়িকভাৱে স্পৰ্শকাতৰ এলেকাসমূহত এনে ঘটনা দেখা গৈছে। যিবোৰ ঠাইত এনেকুৱা ঘটনা হৈছে তাৰ ওচৰৰ এলেকাত ঈদৰ সময়ত গো-মাংস খোৱাৰ এটা ব্যৱস্থা চলি আহিছে।' মুখ্যমন্ত্ৰীগৰাকীৰ মতে, ৰাজ্য চৰকাৰে গো-সুৰক্ষা আইনৰ বলৱৎ কৰিছে, সেই অনুসৰি, নামঘৰ, মন্দিৰৰ পাঁচ কিল'মিটাৰৰ ভিতৰত গৰুৰ মাংস খাব নোৱাৰে, কাটিব নোৱাৰে আৰু গৰু মাৰিবও নোৱাৰে। 

আনকি ঈদতো এনে অঞ্চলত গৰু কোৰবানি দিব নোৱাৰে। কিন্তু এইবাৰ ঈদৰ সময়ত এই আইনী ব্যৱস্থাটো জিলা প্রশাসনসমূহে যিধৰণে বলৱৎ কৰিব লাগিছিল, সেইধৰণে কৰা নাছিল। গতিকে আমি জিলা প্রশাসনক নির্দেশ দিছোঁ যে এতিয়া আইনখন কঠোৰভাৱে ৰূপায়ণ কৰিব লাগে। ইফালে এই আইন কঠোৰভাৱে বলৱৎ হ'লে ধুবুৰী চহৰত বা বৰদোৱাত কোনেও গৰু কাটিবও নোৱাৰিব আৰু খাবও নোৱাৰিব বুলি স্পষ্ট কৰি দি তেওঁ কয় যে এইক্ষেত্রত এছ অ' পি এখন বনাই জিলা প্রশাসনসমূহলৈ প্ৰেৰণ কৰা হ'ব।

Share This