ডিজিটেল ডেস্ক : যোৱা ২৫ ডিচেম্বৰৰ পৰা ডিব্রুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ তত্ত্বাৱধানত জালান ষ্টেডিয়ামত অনুষ্ঠিত হৈছে অষ্টম অসম প্রিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ক্রিকেট লীগৰ প্ৰথম ৰাউণ্ডৰ খেলসমূহ। বৃহস্পতিবাৰৰ উদ্বোধনী খেলখনত ডিব্রুগড় ক্রিকেট ক'চিং চেণ্টাৰে জেউতি মৰল সংঘক ২০৭ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ক'চিং চেণ্টাৰে নিৰ্ধাৰিত ৪০ অ'ভাৰত ৭ উইকেটত ২৮৫ ৰান কৰে। দলৰ হৈ আছজাদ জলিলে ১৩১ আৰু অভিনৱে ১১০ ৰান কৰে।
জেউতি মৰলৰ ইৰছাদ আলীয়ে ৩টা আৰু হিমাংশু বৰাই ২টা উইকেট লাভ কৰে। পাছত বেট কৰিবলৈ আহি জেউতি মৰল সংঘই ৭৮ ৰানত সকলো উইকেট হেৰুৱায়। চাদিক ইছলামে ২৩ আৰু টিকা বাহাদুৰে ২০ ৰান কৰে। ক'চিং চেণ্টাৰৰ আছজাদ জলিল আৰু অংকিত কুমাৰে ৩টাকৈ উইকেট লাভ কৰে। ইফালে, কালি অনুষ্ঠিত আনখন খেলত ক্রিকেট ক্লাব অব্ ডিব্ৰুগড়ৰ (চি চি ডি) দলে ৰে'লৱে ৱৰ্কশ্বপ স্প'র্টছ ক্লাবক ২২৫ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি চি চি ডিয়ে অধিনায়ক গুঞ্জনজ্যোতি ডেকাৰ ১২২ ৰানৰ শতকৰ সহায়ত নিৰ্ধাৰিত ৪০ অ'ভাৰত ৭টা উইকেট হেৰুৱাই ২৮৩ ৰান কৰে। দলৰ হৈ এৰিক ৰয়ে ৪৭ ৰানৰ অৱদান আগবঢ়ায়।
ৰে'লৱে দলৰ হৈ জগজিৎ সিং আৰু আয়ুস যাদৱে গাইপতি ২টাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ৰে'লৱে দলে বেট কৰিবলৈ আহি ৫৮ ৰানত সকলো উইকেট হেৰুৱায়। দলৰ হৈ ছানী কুমাৰে ১৮ ৰান কৰে। চি চি ডিৰ হৈ সুনীল লাচিত, গুঞ্জনজ্যোতি ডেকা, পল্লৱজ্যোতি চেতিয়া, কানহায়া কুমাৰে গাইপতি দুটাকৈ উইকেট লাভ কৰে।