যোৰহাট ষ্টেডিয়ামত জুবিন গাৰ্গৰ স্মৃতিত ক্ৰিকেট মেচ

Kakali Deka November 11, 2025

ডিজিটেল ডেস্কঃ যোৰহাট ষ্টেডিয়ামত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সোঁৱৰণ কৰি সোমবাৰে দ্বিতীয় বৰ্ষ JPL ৰ এখন প্ৰদৰ্শনীমূলক খেলত জুবিন গাৰ্গ একাদশ আৰু  JPL একাদশৰ মাজত অনুষ্ঠিত হয়। 

জুবিন একাদশত নীল আকাশ, ৰাজেশ ভূঞা,আচুৰ্য বৰপাত্ৰকে আদি কৰি কেইবাগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ বিপৰীতে JPL একাদশৰ হৈ জিলা আয়ুক্ত জয় শিবানী,ৰূপজ্যোতি কুৰ্মিকে আদিকৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । খেল খনত জুবিন গাৰ্গ  একাদশ তিনি উইকেটত জয়ী হয়। প্ৰথমতে যোৰহাট প্ৰিমিয়াৰ লীগ একাদশে ১৫ অভাৰত ৭ উইকেটৰ বিনিময়ত ৯২ ৰান কৰে। প্ৰত্যুত্তৰত জেড জি একাদশে ১৩ অভাৰত ৭ উইকেটৰ ব্যৱধানত ৯৩ ৰান সংগ্ৰহ কৰি ৩ উইকেটত জয়ী হয়।

Share This