ডিজিটেল ডেস্ক : আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্রিকেট দলৰ সদস্য অসম কন্যা, বোকাখাতৰ জীয়ৰী উমা চেত্রী। সোমবাৰে নিশা বোকাখাতৰ কান্ধুলিমাৰিৰ নিজা ঘৰত উপস্থিত হৈ পুৱা বোকাখাত ৰাজহুৱা খেলপথাৰত নে'ট অনুশীলন কৰি দুপৰীয়া মাতৃৰ লগতে দাৱনীলৈ চাহ-জলপানৰ টোপোলা লৈ আঘোণৰ পথাৰলৈ ঢাপলি মেলিছে উমা। পথাৰত উপস্থিত হৈয়ে হাতত বেট নহয়, কাচি লৈ আঘোণৰ সোণোৱালী পথাৰত ধান দোৱাত ব্যস্ত ক্রিকেট কন্যা উমা চেত্রী। ১৭ আৰু ১৮ নৱেম্বৰত মুম্বাই কেম্পত উপস্থিত হৈ ঘৰলৈ আহে উমা। ঘৰত আহি ব্যস্ত হৈ পৰিছে অনুশীলনত।
বোকাখাত ৰাজহুৱা খেল পথাৰত প্ৰশিক্ষক মেহবুবে দিছে প্রশিক্ষণ। পুৱা ৫-৩০ বজাৰ পৰা ৮-৩০ বজালৈকে অনুশীলন কৰি পুনৰ দিনৰ ২-৩০বজাৰ পৰা আন্ধাৰ হোৱালৈকে অনুশীলন কৰি ঘৰমুৱা হয় উমা। মাজৰ সময়ছোৱাত মাক-দেউতাৰ সৈতে ঘৰুৱা কামত ব্যস্ত হৈ পৰিছে উমা। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ নাম বিশ্বত প্রতিষ্ঠা কৰিও উমাই এতিয়া হাতত কাচি লৈ দাইছে পিতৃ-ভাতৃৰ শ্ৰমৰ ফচল সোণোৱালী ধান। বানেধোৱা গাঁৱৰপৰা ওলাই গৈ প্রতিষ্ঠা লাভৰ পাছত জন্মগাঁওখন এলাগী কৰাসকলৰ বিপৰীতে উমা চেত্ৰীয়ে ভাৰতীয় ক্রিকেট দলৰ কঠোৰ অনুশীলনৰ মাজতো সুযোগ উলিয়াই ঘৰলৈ আহি ধান দাইছে।
পথাৰত উপস্থিত হৈয়ে হাতত কাচি লৈ ধান দোৱাত ব্যস্ত ভাৰতীয় মহিলা ক্রিকেট দলৰ খেলুকৈ উমা চেত্ৰীৰ উপস্থিতিত উৎফুল্ল হৈ পৰে বাকীসকল দাৱনীও। মাতৃৰো অপাৰ সন্তোষ। মাকৰ মতে মাটিৰ সৈতে থকা সম্পৰ্কৰ বাবেই তাই ঘৰৰ ধাননি পথাৰখনলৈ মনত পেলাই ঘৰলৈ আহিছে। এয়া কম সন্তোষৰ কথা নহয়। ঘৰত আহিও ভাত ৰান্ধিছে। আলু পিটিকা, মাংস খাই ভাল পোৱা উমা বৰ্তমান নিৰামিষভোজী হৈ পৰিছে। এতিয়া পনীৰ খাই ভাল পায় উমাই। উমাৰ এনেধৰণৰ সহযোগিতাত উৎফুল্ল হৈ পৰিছে গাঁৱৰ ৰাইজৰ লগতে ক্রীড়াপ্রেমীসকলে।