ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ জীৱনী সন্নিৱিষ্ট হ'ব শিক্ষানুষ্ঠানৰ এম আই এল পাঠ্যক্রমত। কালি অসম বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে জানিবলৈ দিছে অসমৰ বাবে এই আশাৰ আৰু সুখৰ বতৰা। কালি জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ ৰমেশ চান্দ জৈনে কয় যে মেজৰ ইণ্ডিয়ান লেংগুৱেজৰ মুঠ ১৪টা ভাষা আছে আৰু এই ১৪টা ভাষাত এটাকৈ পৃষ্ঠা জুবিনৰ জীৱনী অন্তৰ্ভূক্ত কৰাৰ পৰিকল্পনা বিদ্যালয় শিক্ষা পৰিষদে আৰম্ভ কৰিছে।
তেওঁ কয় যে সকলো ভাষা-ভাষী ছাত্ৰ-ছাত্ৰীৰ লগত জুবিনৰ বৰ্ণময় জীৱন চিনাকি কৰি দিয়াৰ লগতে জুবিনৰ জীৱন কাহিনীৰে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্রাণিত কৰাৰ লক্ষ্যৰে এই পৰিকল্পনা গ্রহণ কৰিছে। ইফালে, জুবিন গাৰ্গৰ নামত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা-সংস্কৃতি বিভাগটো উৎসর্গিত কৰিবলৈ বিশ্ববিদ্যালয় কর্তৃপক্ষই সিদ্ধান্ত গ্রহণ কৰিছে। বিশ্ববিদ্যালয়খনৰ শিক্ষক সন্থাই বিশ্ববিদ্যালয়খনত আয়োজন কৰা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি-অনুষ্ঠানৰ পাছতে এই কথা ঘোষণা কৰে বিশ্ববিদ্যালয়খনৰ উপাচার্য ড° ননীগোপাল মহন্তই।
উপাচার্যজনে কয় যে ইয়াৰ উপৰি, পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰৰ সন্মুখত জুবিন গাৰ্গৰ আৱক্ষ মূর্তিস্থাপন কৰিব। ইয়াৰ লগতে জুবিনৰ গীতৰ চিত্ৰসম্বলিত এখন কফি টেবুল বুক প্ৰকাশ কৰাৰ লগতে বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হোৱা আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত জুবিন গাৰ্গৰ গীতৰ প্রতিযোগিতা কর্তৃপক্ষই আৰম্ভ কৰিব।