ডিজিটেল ডেস্কঃ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ধিং আৰক্ষীৰ তীব্ৰ অভিযান। ধিং আৰক্ষীৰ জালত পৰিল এজন কুখ্যাত চাইবাৰ অপৰাধী।
ধিং আৰক্ষীৰ অভিযানত ধিং বজাৰৰ পৰা আটক হয় কুখ্যাত চাইবাৰ অপৰাধীটো। আৰক্ষীয়ে আটক কৰা চাইবাৰ অপৰাধীটো ধিঙৰ ৰাধাআটীৰ গুলজাৰ হুছেইন।
চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত ধিং বজাৰৰ নিজৰ ব্যাৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰক্ষীয়ে আটক কৰে গুলজাৰক।
বিগত সময়ছোৱাত এইজন যুৱক গুলজাৰ হুছেইনে বিভিন্ন চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগ আছে।
ধিং আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাৰ অন্তত বৰ্তমান জুৰীয়া আৰক্ষীয়ে জিম্মাত লৈ আৰম্ভ কৰিছে মাৰাথন জেৰা ।
আৰক্ষীৰ জেৰাত ইতিমধ্যে বহু সন্দেহজনক তথ্য পোহৰলৈ আহিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল