ডিজিটেল ডেস্কঃ লুধিয়ানা আৰক্ষীৰ জালত পৰিল অসমসহ তিনি ৰাজ্যৰ ৭ চাইবাৰ অপৰাধী ।তেওঁলোকৰ নাম নিম্মি ভট্টাচাৰ্য, অলক ৰংগী, গোলাম মোৰ্টাজা, সঞ্জয় সূত্ৰধৰ, ৰিণ্টু, ৰুমী কলিতা আৰু জাকিৰ বুলি জানিব পৰা গৈছে ।
২০২৪ চনৰ ছেপ্টেম্বৰত অসমৰ পৰা গ্ৰেপ্তাৰ হৈছিল মূল অভিযুক্ত অতনু চৌধুৰী আৰু আনন্দ কুমাৰ চৌধুৰী নামৰ দুই চাইবাৰ অপৰাধী ।আদালতৰ পৰা তদন্তত সহযোগ কৰিম বুলি জামিন লৈছিল যদিও হাজিৰ হোৱা নাছিল থানাত ।
যাৰ বাবে পুনৰ গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক । লুধিয়ানাৰ এছ পি অচৱাল নামৰ এগৰাকী ব্যৱসায়ীৰ পৰা এটা আঠজনীয়া চাইবাৰ চক্ৰই লুটিছিল ৭ কোটি টকা ।মহাৰাষ্ট্ৰৰ চি বি আইৰ পৰা প্ৰথমে চক্ৰটোৱে ফ'নযোগে গোচৰ ৰুজু কৰাৰ ভাবুকি দিছিল ব্যৱসায়ীগৰাকীক ।
তেওঁৰ আধাৰ কাৰ্ডৰ জৰিয়তে বহু ভুৱা পাছপ'ৰ্ট, ১৬ খন ডেবিট কাৰ্ড অবৈধভাৱে বিমানেৰে মালয়েছিয়াৰ পৰা অহাৰ কথা কৈ দিছিল ভাবুকি ।চি বি আইৰ এটা দলে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব বুলি ভাবুকি দিছিল, লগতে ধন দিলে গোচৰটোৰ পৰা ৰেহাই দিম বুলি কৈছিল । যাৰ ফলত ব্যৱসায়ীজনে দুটা পৃথক একাউণ্টৰ জৰিয়তে চক্ৰটোক আদায় দিছিল ৭ কোটি টকা । কিন্তু টকা দিয়াৰ পাছতে ব্যৱসায়ীজনৰ সম্বিত ঘূৰি অহাত কাষ চাপে আৰক্ষীৰ। লগে লগে আৰক্ষী নামি পৰিল চক্ৰটোৰ বিৰুদ্ধে ।অসম আৰক্ষী আৰু পশ্চিম বংগ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে সাত অভিযুক্তক। সেই সময়ত দুই অভিযুক্তৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৫ কোটি ২ লাখ টকা ।