জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিশিষ্ট নৃত্য শিল্পী যতীন গোস্বামীয়ে ক'লে, সুবিচাৰ পালেহে জুবিনৰ আত্মাই শান্তি লাভ কৰিব

dainik janambhumi September 27, 2025

ডিজিটেল ডেস্ক : 'সুবিচাৰ পালেহে জুবিনৰ আত্মাই শান্তি লাভ কৰিব।'- এই মন্তব্য বিশিষ্ট নৃত্য শিল্পী, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক যতীন গোস্বামীৰ। কালি কাহিলিপাৰাত থকা জুবিনৰ বাসগৃহলৈ গৈ শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰাৰ পাছত গোস্বামীয়ে সাংবাদিকৰ আগত কয়- 'জুবিনে সুবিচাৰ পাব বুলি মই বিশ্বাস কৰোঁ। কিয়নো মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ গভীৰ আস্থা আছে। আশা কৰোঁ তেওঁৰ নেতৃত্বতে আমি এটা সু-বিচাৰ লাভ কৰিম।' 

আনহাতে, জুবিন গাৰ্গৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছোঁ বুলি মত প্রকাশ কৰি তেওঁ কয় যে সমগ্র অসমবাসীয়ে এই ৰহস্য উদ্‌ঘাটন হোৱাটো বিচাৰিছে, কিয়নো জুবিনে সু-বিচাৰ পালেহে তেওঁৰ আত্মাই শান্তি লাভ কৰিব।' 

ইফালে, জুবিন গাৰ্গৰ দৰে প্ৰতিভাৰ অধিকাৰী লোক আমি হয়তো অসমত সহজে নাপাম বুলি মত প্রকাশ কৰি তেওঁ কয়- 'যিসকল প্রতিভাৱান লোক, তেওঁলোক কম সময় জীয়াই থাকে। জ্যোতি প্রসাদ জীয়াই আছিল ৪৮ বছৰ। বিষ্ণু প্ৰসাদ ৰাভা ৬০ বছৰ জীয়াই আছিল। জুবিনৰ ক্ষেত্ৰতো একেই হ'ল, কিন্তু জুবিনৰ মৃত্যুত ৰহস্য ৰৈ গ'ল। সেয়েহে এতিয়া আমি মাথোঁ অপেক্ষা কৰিছোঁ ন্যায় বিচাৰলৈ।

Share This