ডিজিটেল ডেস্ক: চচলত ন্যায্য প্রাপ্তিৰ বাবে জৰুৰীকালীন ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলৰ নিৰন্তৰ প্রতিবাদ অব্যাহত থকাৰ সময়তে '১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন সেৱা' কালিৰ পৰা সম্পূৰ্ণ কার্যক্ষম হোৱা বুলি ঘোষণা কৰিছে ই এম আৰ আই গ্রীন হেলথ ছার্ভিচেছে।
কৰ্মচাৰীসকলে চচলত অব্যাহত ৰখা প্রতিবাদে ইতিমধ্যে ১০ দিন অতিক্রম কৰিলে। কালি প্রতিবাদী কৰ্মচাৰীসকলে দহা পৰ্ব ৰূপায়ণেৰে প্ৰতিবাদস্থলীত সমূহীয়া মুণ্ডন কৰে। কৰ্মচাৰীসকলে তেওঁলোকৰ দাবীসমূহ মানি ল'বলৈ চৰকাৰক অনুৰোধ জনাই ন্যায্যপ্রাপ্তি নোহোৱালৈকে প্রতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে।
ইফালে কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ মাজতে সমগ্ৰ ৰাজ্যতে কালিৰে পৰা সম্পূৰ্ণৰূপে পুনৰ ১০৮ সেৱা কার্যক্ষম হ'ল বুলি ই এম আৰ আই গ্রীন হেলথ ছার্ভিচেছে ঘোষণা কৰিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ই এম আৰ আই সেউজ স্বাস্থ্য সেৱা, অসমৰ মানৱ সম্পদৰ মুৰব্বী সিদ্ধার্থ লস্কৰে জানিবলৈ দিয়ে যে সমগ্ৰ ৰাজ্যখনত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেঞ্চ সেৱা সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ কৰা হৈছে আৰু সম্পূর্ণ স্বাভাৱিক কার্যকলাপ অব্যাহত আছে। অসমৰ জনসাধাৰণৰ বাবে নিৰৱচ্ছিন্ন জৰুৰীকালীন সঁহাৰি নিশ্চিত কৰিবলৈ ই এম আৰ আয়ে সফলতাৰে সকলো জিলাত প্রায় ১২৭০জন কৰ্মচাৰীক বাছনি কৰি প্ৰশিক্ষণ আৰু মোতায়েনৰ ব্যৱস্থা কৰিছে আৰু ৯০জন ই আৰ অ'ক ২৪ ঘণ্টাই কাম-কাজৰ বাবে কল চেণ্টাৰত বাছনি, প্রশিক্ষণ আৰু মোতায়েন কৰা হৈছে। ইয়াৰ উপৰি জিলা প্রশাসনে ক্ষেত্রীয় কার্যকলাপ অধিক শক্তিশালী কৰিবলৈ প্রায় ৩০০ জন কৰ্মচাৰী প্ৰদান কৰি গুৰুত্বপূৰ্ণ সমর্থন আগবঢ়াইছে।
৭০০ৰো অধিক চালকে দৈনিক মজুৰি (হাজিৰা)ৰ আধাৰত দিনে-ৰাতিয়ে এম্বুলেঞ্চ পৰিচালনা কৰি আছে। বর্তমান মুঠ ১৬০০জন চালক আৰু ৭০০জন ই এম টি সমগ্ৰ ৰাজ্যত কাম-কাজত জড়িত হৈছে। আনহাতে, বাকী থকা কৰ্মচাৰীৰ ব্যৱধান পূৰণ কৰিবলৈ ই এম টি আৰু এ এন এম নাৰ্ছকে ধৰি দক্ষ লোকবল নিৰন্তৰভাৱে নিয়োগ কৰি থকা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ই এম আৰ আই গ্রীন হেলথ ছার্ভিচেছে অসমৰ জনসাধাৰণক আগৰ দৰে মৃত্যুঞ্জয় ১০৮ এম্বুলেঞ্চ সেৱাত ফ'ন কৰি সুবিধা গ্রহণ কৰিবলৈ আহ্বান জনাইছে।