দেশী-বিদেশী পর্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৭টা জলপ্রপাত, দিহিং পাটকায়ে মুকলি কৰিছে নিবনুৱাৰ সংস্থাপনৰ বাট

dainik janambhumi January 01, 2026

ডিজিটেল ডেস্ক : পূবৰ আমাজন খ্যাত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানে নিবনুৱাৰ সংস্থাপনৰ বাট মুকলি কৰিছে। জৈৱ বৈচিত্র্যৰে ভৰপূৰ, বৰ্ষাৰণ্য হিচাপেও জনাজাত ৰাষ্ট্ৰীয় উদ্যানখনলৈ এতিয়া সোঁত বৈছে দেশী-বিদেশী পৰ্যটকৰ। ২৩৪.২৬ বর্গ কিল'মিটাৰজুৰি থকা এই ৰাষ্ট্ৰীয় উদ্যানখন ১২৩.৬৭ বর্গ কিল'মিটাৰ তিনিচুকীয়া আৰু ১১০.৫৯ বর্গ কিল'মিটাৰ ডিব্ৰুগড় জিলাত আগুৰি আছে। সোণত সুৱগা চৰাই এই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা দিহিং নদীত মাছ, কাছৰ উপৰি বিভিন্ন প্ৰজাতিৰ জলচৰ প্ৰাণী পোৱা যায়। সেয়েহে ৰাষ্ট্ৰীয় উদ্যানখনৰ ডিব্ৰুগড় জিলাৰ জয়পুৰ অথবা চৰাইপুং ৰেঞ্জত শীত কাল অহাৰ লগে লগেই ভিৰ কৰে পৰ্যটকে।

ভাৰতৰ বিভিন্ন প্ৰান্তৰ উপৰি নেডাৰলেণ্ড, অষ্ট্ৰেলিয়া, পোলেণ্ড আদি দেশৰ পৰ্যটকৰ আগমনৰ লগে লগে বহুসংখ্যক যুৱক-যুৱতীয়ে ট্যুৰিষ্ট গাইডৰ বাবে অধ্যয়নৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানৰ সন্দৰ্ভত তথ্য আহৰণত ব্ৰতী হৈছে। সমান্তৰালকৈ দুয়োখন জিলাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া যুৱক-যুৱতীসকলে হোম ষ্ট্রে, ল'জ আদি নির্মাণত মনোনিৱেশ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰিব পৰাকৈ যান-বাহন ক্ৰয় কৰিও সেৱাৰ বাবে সাজু হৈ উঠিছে। আনহাতে, পর্যটকক থলুৱা সুস্বাদু খাদ্যৰ সম্ভাৰ যোগান ধৰিবলৈ একাংশ নিবনুৱা যুৱক-যুৱতীয়ে নিজা গৃহত অথবা হোটেল খুলি ইতিমধ্যে ব্যৱসায় আৰম্ভ কৰিছে। নক্টে, টাইফাকে খাদ্যসম্ভাৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। মনকৰিবলগীয়া যে ২০২১ বৰ্ষত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ পাছত ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে খোজ পেলাইছে। বিশেষকৈ ডিব্ৰুগড় জিলাৰ জয়পুৰ ৰেঞ্জৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনলৈ প্ৰৱেশ পথ যথেষ্ট শোচনীয় আছিল যদিও শেহতীয়াকৈ ইয়াক পুনৰ নিৰ্মাণ কৰাত পৰ্যটকসকলে যথেষ্ট সকাহ পাইছে। ৰাষ্ট্ৰীয় উদ্যানখনত ট্রেকিঙৰ বাবে ইতিমধ্যে কেইবাটাও পথ মুকলি হৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত আৱিষ্কাৰ হোৱা সাতটা জলপ্রপাত এতিয়া পৰ্যটকৰ বাবে আকৰ্ষণৰ আন এক কেন্দ্ৰবিন্দু হৈ পৰিছে। গ্রীষ্মকালত ইয়াৰ নিৰ্মল জলৰাশিত জলকেলিৰ বাবে বহুসংখ্যক পৰ্যটকে ভিৰ কৰাৰ উপৰি শীত কালতো পৰ্যটকৰ ভিৰ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে বন বিভাগৰ তথ্য অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনত প্রায় ৪৭টা প্ৰজাতিৰ স্তন্যপায়ী, ৩৮০টাৰো অধিক প্ৰজাতিৰ চৰাই, ৪২টা প্ৰজাতিৰ সৰীসৃপ আৰু ৩১০ বিধৰো অধিক পখিলা আছে। হলৌ, লাজুকী বান্দৰকে ধৰি ৭টা প্ৰজাতিৰ বান্দৰ আৰু বাঘ, ভালুক সোণালী মেকুৰীৰ উপৰি ১০৭টা প্রজাতিৰো অধিক অৰ্কিড, ১৬০বিধৰো অধিক গছ উপলব্ধ।

এই উদ্যানখনৰ গাতে লাগি আছে আহোমৰ ৰাজধানী টিপাম পাহাৰ। ইতিমধ্যে অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনত পৰিচিত টিপাম, তীর্থস্থান সীতাকুণ্ড আদিয়ে ৰাষ্ট্ৰীয় উদ্যানখনক অনন্য মাত্রা প্রদান কৰিছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পৰা বুঢ়ীদিহিঙৰ জলপথেৰে ডিব্ৰুগড় জিলাৰ জয়পুৰলৈকে নদী পৰ্যটনৰো প্ৰচুৰ সম্ভাৱনা আছে। কাৰণ এই পথেৰে যাত্ৰা কৰাসকলৰ বাবে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ দুয়োটা পাৰৰ দৃশ্যৰাজি উপভোগৰ সম্বল হ'ব। চৰকাৰেও এইক্ষেত্রত বিশেষ গুৰুত্ব আৰোপ কৰিলে ৰাজহ আহৰণৰো সম্ভাৱনা নুই কৰিব নোৱাৰি। ইতিমধ্যে বিগত প্রায় দুবছৰৰ পৰা উদ্যানখনৰ কাষৰীয়া ৰাইজ অধিক সচেতন হৈ দুষ্কৃতিকাৰী কবলৰ পৰাও ৰাষ্ট্ৰীয় উদ্যানখনক ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।

Share This