শ্যামকানু-সিদ্ধাৰ্থৰ হৈ যুঁজিব দিল্লী-কলকাতাৰ উকীলে, অৱশেষত অধিবক্তা পালে জুবিনৰ 'হত্যা'ত জড়িত কেউজন অভিযুক্তই

dainik janambhumi January 04, 2026

ডিজিটেল ডেস্ক: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তসকলে অৱশেষত অধিবক্তা লাভ কৰিলে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ৭জনীয়া মুখ্য অভিযুক্তৰ কালি চার্জফ্ৰেম শুনানি সম্পন্ন হয়। 

আনহাতে, কালি আদালতত অভিযুক্ত অমৃত প্রভা মহন্তৰ লগতে সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আৱেদন কৰা হয়। ইফালে চৰকাৰী অধিবক্তাক সহযোগ কৰিবৰ বাবে কালি গৰিমা গার্গে এজন অধিবক্তা নিয়োগ কৰে। 

উল্লেখযোগ্য যে অভিযুক্তসকলৰ হৈ আদালতত যুক্তি প্রদর্শন কৰিবলৈ ৰাজ্যৰ অধিবক্তা সমাজে অমান্তি হোৱাৰ পাছত জিলা আইনী সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা তেওঁলোকৰ বাবে এজন অধিবক্তাক দায়িত্ব অর্পণ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত আইনী যুঁজৰ বাবে তেওঁলোকে অধিবক্তা লাভ কৰিছে। অমৃত প্রভা মহন্তই প্রথমে ব্যক্তিগতভাৱে অধিবক্তা লাভ কৰে। কালি দুই মুখ্য অভিযুক্ত সিদ্ধার্থ শর্মা আৰু শ্যামকানু মহন্তৰ হৈ কলকাতাৰ অধিবক্তাই ভিডিঅ' কনফাৰেঞ্চযোগে শুনানি প্রক্রিয়াত অংশগ্ৰহণ কৰে। ইয়াৰে সিদ্ধার্থ শৰ্মাৰ হৈ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অনিল মিশ্রই যুক্তি প্রদর্শন কৰে। শ্যামকানু মহন্তৰ হৈ যুঁজ দিব কলকাতাৰ অধিবক্তা ৰাজদ্বীপ বেনার্জীয়ে। ইফালে সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ হৈ জিলা আইনী সেৱা কৰ্তৃপক্ষই দায়িত্ব দিয়া অধিবক্তাই জামিন আৱেদন কৰে। শেখৰজ্যোতি গোস্বামীৰ হৈ আদালতত যুক্তি প্রদর্শন কৰে অধিবক্তা এছ কলিতাই। 

উল্লেখযোগ্য যে কালি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ দ্বিতীয়টো শুনানি প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত অহা ১৭ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হয়। সেইদিনাই শেখৰ, সিদ্ধার্থ আৰু শ্যামকানুৰ অধিবক্তাই আদালতত তেওঁলোকৰ জামিন আৱেদন কৰিব। আনহাতে, দায়িত্ব লৈয়েই শ্যামকানু মহন্তৰ অধিবক্তাই কালি আদালতত এক বিশেষ আৱেদন দাখিল কৰি অভিযুক্তজনৰ জব্দকৃত একাউণ্টৰ ধন মোকলাই দিবলৈ আর্জি পেচ কৰে। ইফালে অমৃত প্রভা মহন্তৰ হৈ কালি জামিন আৱেদন কৰে তেওঁৰ অধিবক্তা আনন কুমাৰ ভূঞাই। অৱশ্যে আদালতে নাকচ কৰে অমৃত প্ৰভাৰ জামিন আৱেদন। অমৃতপ্রভা মহন্তৰ আজি চাৰ্জফ্ৰেমৰ শুনানিও সম্পন্ন হয়। ইফালে অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই তেওঁলোকক যোগান ধৰা পেনড্রাইভৰ পৰা কিছুমান নথি-পত্ৰ নোহোৱা হোৱা বুলি আদালতক অভিযোগ কৰে। প্রণিধানযোগ্য যে কালিৰ শুনানি প্রক্রিয়াত সকলো অভিযুক্তৰ বিৰুদ্ধে মাত্ৰ এজন চৰকাৰী অধিবক্তাই অকলে যুক্তি প্রদর্শন কৰিবলগীয়া হৈছিল। সমগ্ৰ গোচৰটো কেৱল এজন চৰকাৰী অধিবক্তাই সম্পূৰ্ণকৈ চলোৱাত অসুবিধা হোৱাৰ কথা প্রকাশ কৰে সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক অপূর্ব শর্মাই। তেওঁ গোচৰটো সুচাৰুৰূপে চলাই নিবলৈ অতি কমেও ১০-১২জন অভিজ্ঞ চৰকাৰী অধিবক্তাৰ এটা দল অতি শীঘ্ৰে নিয়োগ কৰিবলৈ চৰকাৰক আহ্বান জনায়। আনহাতে, গোচৰটো ফাষ্ট ট্রেক আদালতত শুনানি কৰাৰ লগতে প্রতিদিনেই শুনানি সম্পন্ন কৰাৰ ব্যৱস্থা কৰিবলৈয়ো চৰকাৰক আহ্বান জনায়। তেতিয়াহে প্রকৃত অর্থত সত্য ফাদিল হ'ব আৰু জুবিন গার্গে ন্যায় পাব বুলি তেওঁ কয়। 

প্রণিধানযোগ্য যে কালি জুবিন গাৰ্গৰ সহধর্মিণী গৰিমা গার্গো শুনানি প্রক্রিয়াত উপস্থিত থাকে। তেওঁ চৰকাৰী অধিবক্তাজনক সহযোগ কৰিবৰ বাবে ব্যক্তিগতভাৱে এজন অধিবক্তা নিয়োগ কৰে। তেওঁ জুবিন গাৰ্গৰ ন্যায় বিচাৰি কয় যে 'অসুৰকেইটাই গুৰুতৰ শাস্তি পাব লাগিব।' তেওঁ আইনী যুঁজখন সবল হ'বলৈ শক্তিশালী অধিবক্তাৰ দল এটা দিবলৈ চৰকাৰক পুনৰবাৰ অনুৰোধ জনায়। ইফালে আজি তেওঁ অভিযুক্তসকলৰ মুখত কোনোধৰণৰ অনুশোচনা দেখা নাই বুলিও প্রকাশ কৰে। তেওঁ কয় যে অভিযুক্তসকলৰ ওপৰত আজি চাৰ্জফ্ৰেম হ'ব বুলি ভাবিছিল। কিন্তু সেয়া নহ'ল। তেওঁ কয় যে 'জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, প্ৰাণৰ মানুহ আছিল। জুবিন গাৰ্গ কেৱল মোৰ স্বামীয়ে নহয়, আপোনালোক সকলোৰে আছিল। জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো সাধাৰণ ঘটনা নহয়। অসুৰকেইটাই শাস্তি পাবই লাগিব। অসুৰ বধ হ'বই লাগিব।'

Share This