লিংগভিত্তিক হিংসা প্রতিৰোধী আইন বলৱৎ কৰিবলৈ দাবী

dainik janambhumi December 11, 2025

ডিজিটেল ডেস্ক: উত্তৰ-পূব পীড়িত অঞ্চল উন্নয়ন সমিতি (নীডছ) আৰু সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ উজনি অসমৰ উদ্যোগত যোৱা ২৫ নৱেম্বৰৰ পৰা আজিলৈকে ৰাজ্যৰ মহিলাসকলৰ বিৰুদ্ধে চলি থকা লিংগভিত্তিক হিংসা নিৰাময়ৰ বাবে শক্তিশালী জনমত গঠনৰ উদ্দেশ্যে সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰে। 

লিংগভিত্তিক হিংসা-বিৰোধী ১৬ দিনীয়া সক্রিয়তা কাৰ্যসূচীৰ জৰিয়তে নীডছ আৰু সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চই জনসচেতনতা বৃদ্ধি কৰি লিংগ সমতাপূর্ণ সমাজ নির্মাণত সকলোকে একাত্ম কৰাত গুৰুত্ব আৰোপ কৰিছে। অসমৰ চহৰ আৰু গ্রামাঞ্চলৰ সকলো মহিলাৰ বাবে ন্যায় প্রতিষ্ঠা আৰু ভুক্তভোগীক সহায় কৰাৰ বাবে স্থানীয়ভাৱে শক্তিশালী মত প্রকাশ কৰিবলৈ প্ৰচেষ্টা চলাইছে দুয়োটা সামাজিক সংগঠনে। সেই উদ্দেশ্যে তেওঁলোকে যোৱা ১৬ দিনে সজাগতা সভা, আলোচনা চক্র, আইন সজাগতা শিবিৰ, বাটৰ নাট প্ৰদৰ্শন, বিদ্যালয়-মহাবিদ্যালয়ৰ লগত বিভিন্ন অনুষ্ঠান আয়োজন কৰে। 

অসমত লিংগভিত্তিক হিংসা প্ৰতিৰোধী আইন শক্তিশালীভাৱে বলৱৎ কৰা, গার্হস্থ্য হিংসা প্ৰতিৰোধী আইন, কর্মস্থানত নাৰী যৌন নির্যাতন প্রতিৰোধী আইন আৰু শিশু সুৰক্ষা আইন অসমৰ সকলো জিলাতে ফলপ্রসূ ৰূপায়ণ নিশ্চিত কৰা, সুৰক্ষা বিষয়া আৰু সখী একক অৱস্থান কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা, বিশেষকৈ চাহ বাগিচা অঞ্চল, চৰ অঞ্চল, জনজাতীয় অঞ্চল, ভিতৰুৱা গ্রাম্য এলেকাত সুবিধাসমূহ পর্যাপ্ত পৰিমাণে থকা, অসমৰ প্ৰতিখন জিলাৰ লিংগভিত্তিক হিংসাৰ তথ্য সংগ্ৰহ কৰি প্ৰতিবেদন ৰাজহুৱা কৰা, লিংগভিত্তিক হিংসা প্রতিৰোধ সজাগতা সভা, ভুক্তভোগীৰ সাহায্য আৰু সমুদায় ভিত্তিক প্ৰতিৰোধমূলক কাৰ্যসূচীৰ বাবে ৰাজ্যিক বাজেটৰ ধনৰাশিৰ পৰিমাণ বৃদ্ধি কৰা আদি বিভিন্ন পৰামৰ্শ অসম চৰকাৰলৈ দুয়োটা সংগঠনৰ জৰিয়তে জনাইছে। 

কালি সামৰণি দিনা যোৰহাট প্ৰেছ ক্লাবত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উপলক্ষে 'আমাৰ দৈনন্দিন প্রয়োজনীয়তা' বিষয়ত আলোচনা-চক্র অনুষ্ঠিত হয়। ড° সান্ত্বনা শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰখনত নির্দিষ্ট বক্তাৰ ভাষণত বিশিষ্ট অধিবক্তা দিব্যাজ্যোতি শইকীয়াই লিংগভিত্তিক হিংসা নিৰাময় সম্পৰ্কত কয়। সভাতে নীডছৰ তিনিমহীয়া আলোচনী 'প্লাৱন' উন্মোচন কৰে বিজ্ঞান লেখিকা ড° অদিতি বেজবৰুৱাই। দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ভাস্বতী দাস বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা সভাখনত বিশিষ্ট অতিথি হিচাপে সমাজ কল্যাণ বিষয়া যতীশ বৰুৱা, দৈনিক জনমভূমিৰ যোৰহাটৰ ডেস্ক ইনচার্জ দিগন্ত বুঢ়াগোহাঁয়ে ভাষণ আগবঢ়ায়। নাৰী সবলীকৰণৰ নেত্ৰী জলীমণি শইকীয়াই আঁত ধৰা সভাখনত নীৰ সঞ্চালক তীর্থপ্রসাদ শইকীয়াই কয় যে লিংগভিত্তিক হিংসাই অতি জঘন্যভাৱে মানৱ অধিকাৰ উলংঘন কৰে। বিশেষকৈ দুৰ্বল বা পিছপৰা সমাজৰ মহিলা আৰু ছোৱালীসকল লিংগভিত্তিক হিংসাৰ বেয়া প্ৰভাৱৰ বেছি ভুক্তভোগী হয়। জেণ্ডাৰ স্পেচিয়েলিষ্ট জলীমণি শইকীয়াই কয় যে নাৰীজনিত সমস্যাৰ বাবে যুৱ প্রজন্ম আগবাঢ়ি আহিব লাগিব। তেতিয়াহে লিংগ সমতাপূর্ণ সমাজ আমি লাভ কৰিম। লিংগভিত্তিক হিংসা এটা ব্যক্তিগত সমস্যা নহয়, ই ৰাজহুৱা অপৰাধ। এই ক্ষেত্ৰত পৰিয়াল-সমাজ তথা সকলো সংগঠন একত্রিত হৈ কাম কৰিব লাগিব। সমাজৰ প্ৰত্যেকজন নাগৰিক জনসজাগতাৰ বাবে আগবাঢ়ি আহিব লাগিব। অনুষ্ঠানটোত নীৰ প্ৰাক্তন সঞ্চালক গিৰীন চেতিয়া, হৰেন শইকীয়া, অৰবিন্দ দত্তই অংশগ্রহণ কৰে। 

কালিৰ অনুষ্ঠানটো নীডছৰ আতিথ্যত ডি চি বি ছোৱালী মহাবিদ্যালয় আৰু সন্মিলিত নাৰী অধিকাৰ মঞ্চ, অসমৰ সহযোগত আয়োজন কৰা হৈছিল। অনুষ্ঠানটোত ডি চি বি ছোৱালী মহাবিদ্যালয়, কাজিৰঙা বিশ্ববিদ্যালয়, জে বি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Share This