হাতে হাতে জোঁৰ লৈ ধেমাজি কঁপালে হাজাৰ হাজাৰ পুৰুষ-মহিলাই, চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবী

dainik janambhumi October 30, 2025

ডিজিটেল ডেস্ক : এইবাৰ জনজাতিকৰণৰ দাবীত ধেমাজি কঁপালে চুতীয়া যুৱ সন্মিলনীয়ে। চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত হাতে হাতে জোঁৰ লৈ হাজাৰ হাজাৰ চুতীয়া জাতিৰ পুৰুষ-মহিলা ওলাই আহিল ৰাজপথলৈ। 'চুতীয়া জনগোষ্ঠীক শীঘ্রে জনজাতিকৰণ প্ৰদান কৰক', 'ছয় গোষ্ঠীক জনজাতিকৰণৰ নামত ৰাজনীতি নচলিব', 'অসম চৰকাৰ হুঁচিয়াৰ' আদি দাবীৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে চুতীয়া যুৱ সন্মিলনৰ ধেমাজি জিলা সমিতিয়ে। কার্যসূচীত চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কৌস্তৱ চুতীয়াই কয়, 'সুদীর্ঘ কেইবা দশক ধৰি আদিম ভূমিপুত্র চুতীয়া জনগোষ্ঠীয়ে ন্যায্য প্রাপ্য অধিকাৰ সাব্যস্ত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক ধাৰাবাহিকভাৱে গণতান্ত্রিক আন্দোলন তথা আলোচনাৰ জৰিয়তে বিভিন্ন সময়ত আহ্বান জনাই আহিছে। 

ভাৰতবৰ্ষৰ কেন্দ্ৰীয় তথা অসম চৰকাৰৰ শাসন ব্যৱস্থা এন ডি এ মিত্ৰজোঁটৰ হাতলৈ অহাৰ পাছত আমাৰ জনগোষ্ঠীৰ কিছু সমস্যা বিভিন্ন সময়ত এই চৰকাৰখনে আলোচনাৰ মাজেৰে সমাধান কৰাৰ যি ভূমিকা গ্রহণ কৰি আহিছে ইয়াৰ বাবে আমি বর্তমান শাসনাধিষ্ঠিত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰধান দাবী জনজাতিকৰণ। উপগ্রহীয় স্বায়ত্তশাসন, এ পি এছ চি আৰু বিভিন্ন বিশ্ববিদ্যালয়ত আসন সংৰক্ষণৰ ক্ষেত্ৰত প্ৰদান কৰা প্রতিশ্রুতিও বর্তমান সময়লৈকে কার্যক্ষেত্রত ৰূপায়ণ হোৱা নাই'। ধেমাজি তেলিজানৰ পৰা ৰাজপথেৰে প্ৰায় তিনি কিল'মিটাৰ জোঁৰ সমদল কৰি ধেমাজি চাৰিআলিত এখন প্রতিবাদী সভা অনুষ্ঠিত কৰে। ইয়াৰ পাছতে ধেমাজি জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্রীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ভূমিপুত্র চুতীয়াসকল ঐতিহাসিকভাৱে প্রাচীনতম জনগোষ্ঠী। উত্তৰ-পূৰ্বাঞ্চলৰ নিজস্ব বৈশিষ্ট্যময় ভাষা, ধর্মীয় ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি ইত্যাদিৰে বৃহৎ বড়ো কছাৰীমূলীয় ঠালৰ অসমৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এক আদিম ভূমিপুত্র জনগোষ্ঠী হিচাপে স্বীকৃতিপ্রাপ্ত। ১৮৫২ চনৰ পৰা ১৯৬১ চনলৈকে ভাৰতবৰ্ষৰ লোকপিয়লৰ টোকাত অসমৰ চুতীয়াসকলক জনজাতি বুলি চৰকাৰীভাৱে চিহ্নিত কৰা হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন তথা বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ডিষ্ট্ৰিক্ট গেজেটৰ স্বাধীনতাৰ আগৰ আৰু পাছতো চুতীয়াসকলক জনজাতি হিচাপে চিহ্নিত কৰা আছে। গণশিল্পী বিষ্ণু প্ৰসাদ ৰাভাই ৰচনা কৰা 'বড়ো জাতীয় সংগীত'ত উল্লেখ কৰিছিল 'কছাৰী, ডিমাচা, মৰাণ, বড়ো, চুতীয়া, জলধা, ত্ৰিপুৰা, গাৰো, লালুং, হাজং, মেছ, মহলিয়া, ৰাভা, মদাই একেই ভাই।' 

গুৰুত্বপূৰ্ণ কথা এয়ে যে জনজাতিকৰণৰ সম্পূৰ্ণ অৰ্হতা থকাৰ পাছতো উপৰোক্ত জনগোষ্ঠীকেইটাৰ ভিতৰত ছুটিয়া (চুতীয়া) আৰু মৰাণকহে বৰ্তমান সময়লৈকে জনজাতি মর্যাদা প্ৰদান কৰা হোৱা নাই। মিচিং বানে কেবাং (১১/৬/৮১), সদৌ অসম দেউৰী সম্মিলন, সদৌ অসম ট্রাইবেল সংঘই চুতীয়া জনগোষ্ঠীক ভৈয়াম অনুসূচিত জনজাতি স্বীকৃতি প্রদানত সন্মতি প্রদান কৰিছে। ১৯৯৭ চনৰ কেন্দ্ৰীয় সংসদৰ বাছনী সমিতিখনে চুতীয়া জনগোষ্ঠীক অনুসূচিত (ভৈয়াম) জনজাতিত তালিকাভুক্ত কৰাত অনুমোদন জনাইছিল। চুতীয়াসকলৰ কিছু শাখা যেনে-দেউৰী চুতীয়া (দেউৰী), মিৰি চুতীয়া (মিচিং) সকলক অসমৰ ভৈয়াম অনুসূচিত জাতিৰ তালিকাত ইতিমধ্যে অন্তর্ভুক্ত কৰা হৈছে। ১৯৩৫ চনত চাইমন কমিছনৰ প্ৰতিবেদনত চুতীয়াসকলক অনুসূচিত জাতিত অন্তর্ভুক্ত কৰিব পৰা যায় বুলি উল্লেখ কৰিছে। ১৯৮০ চনত তদানীন্তন প্রধানমন্ত্রী প্রয়াত ইন্দিৰা গান্ধীক স্মাৰক-পত্ৰ প্ৰদান কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা স্মাৰক-পত্ৰখনৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছিল। সেই মর্মে অসম চৰকাৰে জনজাতি গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকক প্রতিবেদন যুগুত কৰি ৰাজ্য চৰকাৰৰ যোগেদি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণৰ নিৰ্দেশনা দিছিল আৰু জনজাতিকৰণৰ সপক্ষত থকাৰ পাছতো চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। এই যুক্তিসমূহ প্ৰদৰ্শন কৰি চুতীয়া জনগোষ্ঠীক অতি শীঘ্রে অনুসূচিত জনজাতিৰ মৰ্যাদা প্রদান কৰাৰ দাবীৰে জিলা সভাপতি ত্রিদিপ দাস আৰু সম্পাদক হীৰেন চুতীয়াৰ স্বাক্ষৰিত স্মাৰক-পত্ৰৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰেৰণ কৰে। কালিৰ প্ৰতিবাদী সভাত ভাগ লয় চুতীয়া যুৱ সন্মিলনীৰ মুখ্য উপদেষ্টা মোহন চন্দ্র শইকীয়া, সাধাৰণ সম্পাদক পলাশ হাজৰিকা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়া, আটাছুৰ উপ-সভাপতি মনোজ গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সদস্য শৰৎ চুতীয়া, সদৌ চুতীয়া জাতি সম্মিলনৰ সভাপতি নৃপেন শইকীয়া, উপ-সভাপতি গোবিন চুতীয়া আদিয়ে।

Share This