উচ্ছেদিত পৰিয়ালক মাটি দিয়াৰ দাবী

dainik janambhumi July 15, 2025

ডিজিটেল ডেস্ক : কঠীয়া বিতৰ্কৰে চৰ্চালৈ অহা গুণগুণহঁতৰ দুখৰ সমভাগী হ'বলৈ আহি সোমবাৰে লখিমপুৰত ভূঁই ৰুলে কৃষক নেতা তথা বিধায়ক অখিল গগৈয়ে। সোমবাৰে পুৱাই লখিমপুৰৰ উচ্ছেদিত ফুকনৰহাট গ্রেজিঙৰ গুণগুণহঁতৰ পথাৰত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে দ মাটিৰ একাঁঠু বোকা-পানী খচকি গুণগুণহঁতৰ সৈতে ভূঁই ৰোৱে। কেৱল সেয়ে নহয়, ভূঁই ৰোৱাৰ মাজে মাজে বিহু গাই ৰোৱাতলীতে অখিল গগৈয়ে এপাক নাচিলে। দ মাটিৰ জাবৰ টানি কেঁচা মাটিৰ গোন্ধ ল'লে অখিলে। উচ্ছেদিত সকলো পৰিয়ালকে উচ্ছেদ হোৱা সমপৰিমাণৰ মাটি আবণ্টন কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনোৱাৰ কথাও বিধায়ক অখিল গগৈয়ে জনালে সংবাদ মাধ্যমক। 

অসম চৰকাৰৰ উচ্ছেদ অভিযানক তীব্র সমালোচনা কৰি বিধায়ক অখিল গগৈয়ে লখিমপুৰৰ উচ্ছেদিত সকলো পৰিয়ালক আশ্ৰয়ৰ বাবে মাটি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। তেওঁ সাংবাদিকক কয়- আমি আজি ৰাইজৰ দলৰ তৰফৰ পৰা উচ্ছেদৰ খবৰ ল'বলৈ আহিছিলোঁ। আজি খবৰ পালোঁ গুণাগুণহঁতৰ পৰিয়ালে আজি ভূঁই ৰুব। সেয়ে আমি আহি ভূঁই ৰুলোঁ। এইক্ষেত্ৰত দুর্ভাগ্যজনক কথাটো হ'ল, এই উচ্ছেদিত পৰিয়ালসমূহ খাঁটি অসমীয়া খিলঞ্জীয়া মানুহ। যি অসমীয়া জাতি গঠন কৰিছিল আহোমসকলে। সেই তেনেকুৱা ১৯টা পৰিয়ালৰ মাটি আৰু ঘৰ উচ্ছেদ কৰা হৈছে। য'ত আছিল অসমীয়া গৰীয়া, আহোম পৰিয়াল। 

বিধায়ক অখিল গগৈয়ে কয় যে মই মুখ্যমন্ত্রীক পৰহি সাক্ষাৎ কৰি স্মাৰক-পত্ৰৰ জৰিয়তে সকলো পৰিয়ালকে মাটি দিয়াৰ দাবী জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়েও আশ্বাস দিছে। প্রশাসনৰ উচ্ছেদ অভিযানত খিলঞ্জীয়ৰ নেমু বাগান, কঠীয়াতলী ধ্বংস কৰা কার্য অতি নিন্দনীয়। উল্লেখযোগ্য যে ভূঁই ৰোৱাৰ পাছত গুণগুণহঁতৰ ঘৰত হাঁহৰ মাংসৰে এসাঁজ ভাত খাব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Share This