ডিজিটেল ডেস্ক : ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত কালি নাজিৰা নগৰৰ ৰাজপথেদি টাই আহোম যৱ পৰিষদ চমকৈ 'টাইপা'ই সাব্যস্ত কৰে বিশাল জোঁৰ সমদল প্রতিবাদী কার্যসূচী। টাই আহোম যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত টাইপা নাজিৰা মহকুমা সমিতি, টাই আহোম মহিলা পৰিষদ আৰু ৰাইজৰ সহযোগত সন্ধিয়া নাজিৰাৰ বৰতল খেলপথাৰৰ পৰা নাজিৰা চাৰিআলিলৈকে কেইবা শতাধিক লোকে জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত বিশাল জোঁৰ সমদলত অংশ গ্রহণ কৰে।
চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে জোঁৰ সমদল বাহিৰ কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামূলীয়ে কয় যে কংগ্রেছে আমাক ২০১৪ বৰ্ষৰ পৰা জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা কৰি আহিছে। বিজেপি চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস আছে বুলি কৈ তিনিটা দশক ধৰি ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰি অহাৰ পৰিপ্ৰেক্ষিতত কালি জিলাই জিলাই ৰাজপথলৈ টাই আহোম যুৱ পৰিষদ ওলাই আহিবলৈ বাধ্য হৈছে বুলি কয় টাইপাৰ নেতাগৰাকীয়ে। ইফালে জনজাতিকৰণৰ এই বিষয়ত অসম বিধানসভাই আগন্তুক ২৫ নৱেম্বৰত কোনো কাৰণত ইতিবাচক সঁহাৰি নিদিয়া পৰিস্থিতিত বিকল্প ৰাজনৈতিক দল খোলাৰ সপক্ষে মাত মতা টাইপা নেতৃত্বই কোনো কাৰণতে ভোট বৰ্জনৰ দৰে কাৰ্যসূচী নলয় বুলি কয়। বৰঞ্চ ভোট বৰ্জন কৰি প্রতিবাদ কৰিলে শাসকপক্ষক সহায়হে কৰা হয় বুলি মন্তব্য কৰিলে দিগন্ত তামূলীয়ে।
উল্লেখযোগ্য যে জনজাতিকৰণৰ দাবীত অটল হৈ ৰোৱা টাই আহোমসকলৰ জিলাই জিলাই সৰৱ হৈ 'ন' এছ টি, ন' ৰেষ্ট' শ্ল'গানেৰে ৰাজপথ কঁপাই তুলিছে। লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনক সমানে সমর্থন যোগাই আহিছে টাই আহোম জনগোষ্ঠীৰ নেতৃত্বই। বিগত তিনিটা দশক ধৰি চলি অহা জনজাতি তালিকাভুক্তিৰ সংগ্ৰামৰ প্ৰতি নাই কোনোখন চৰকাৰৰেই সঁহাৰি। বিদেশীৰ কৰাল গ্ৰাসত পৰা অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনো যাতে এদিন বিদেশী লোকে দখল কৰা অৱস্থালৈ নাযায়গৈ তাৰ বাবেই টাই আহোমৰ জনজাতিকৰণৰ দাবী উত্থাপন হৈছে। অহা ২৫ নৱেম্বৰত অসম বিধানসভাত জনজাতিকৰণ বিধেয়ক উত্থাপন হোৱালৈ বাট চাই ৰোৱা টাই আহোমসকলে যদি কোনো সদুত্তৰ লাভ নকৰে তেন্তে বিকল্প ৰাজনৈতিক দল গঠনৰ দিশত ধাৰিত হ'ব পাৰে।