৩ মাহ ধৰি ডিফুত ডেংগুৰ সন্ত্ৰাস ! হাজাৰ হাজাৰ লোক আক্রান্ত 

Jyoti Borah August 21, 2023

ডিজিটেল ডেস্কঃ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত এতিয়া ডেংগু ৰোগৰ আতংকই বিৰাজ কৰিছে। বিগত প্রায় ৩ মাহ ধৰি ডিফু চহৰত ডেংগুৱে মাৰাত্মক ৰূপ ধাৰণ কৰিছে। ডেংগুত এতিয়ালৈকে ৪ হাজাৰৰো অধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে ৪গৰাকী লোকৰ মৃত্যু ঘটিছে। জিলা প্রশাসন, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ, জিলা স্বাস্থ্য বিভাগে ডেংগু প্ৰতিৰোধৰ বাবে বিভিন্ন প্রচেষ্টা হাতত লৈছে যদিও ডেংগু নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হোৱা নাই। যাৰ বাবে ২০ আগষ্ট পুৱা ডিফু পৌৰ সভা,গ্ৰেটাৰ ডিফু বজাৰ কমিটীকে আদি কৰি বিভিন্ন সংগঠনৰ উদ্যোগত ডিফু চহৰ পৰিষ্কাৰৰ বাবে শ শ লোক ওলাই আহে। ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙে এই চাফাই অভিযানৰ শুভাৰম্ভ কৰে। এই চাফাই অভিযানত কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি আংলং মটৰ ট্ৰান্সপ'ৰ্ট ৱকাৰ্ছ সন্থা আদিয়েও অংশগ্রহণ কৰে। মূলতঃ ডেংগুৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে এই চাফাই অভিযান চলোৱা হয়। কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এম এ চি জনী তিমুঙে চাফাই অভিযানত অংশগ্ৰহণ কৰি কয় যে ডিফু চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। আমাৰ চিন্তা-ধাৰা পৰিৱৰ্তন কৰি চহৰখনৰ আৱৰ্জনাসমূহ ডাষ্টবিনত পেলাই চহৰখন পৰিষ্কাৰ কৰি ৰখাটো আমাৰ কৰ্তব্য বুলিও তেওঁ মত পোষণ কৰে। গ্ৰেটাৰ ডিফু বজাৰ কমিটীৰ সভাপতি বিদ্যা তিছ'য়ে ব্যবসায়ীসকলক জাবৰ-জোঁথৰ য'তে- তাতে নেপেলাই পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে অপৰিষ্কাৰ হৈ থকা ব্যাবসায়িক প্ৰতিষ্ঠানৰ গৰাকীৰ বিৰুদ্ধে বৃহৎ হাৰত জৰিমনা বিহাৰো সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰে।

Share This