ডিজিটেল ডেস্ক: তিনিদিনীয়া বর্ণাঢ্য কার্যসূচীৰে অনুষ্ঠিত হোৱা দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী উৎসৱৰ কালি সামৰণি পৰে। নিজম পৰে মহাবিদ্যালয়ৰ বাকৰি। অন্তিম দিনাৰ মূল আকর্ষণ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰি তোলে দেৰগাঁৱৰ আকাশ-বতাহ।
মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী, ছাত্র-ছাত্ৰীসকলৰ উপৰি দেৰগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে অংশগ্রহণ কৰা এই শোভাযাত্ৰাত প্রতিফলিত কৰা হয় অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি আৰু চহা জীৱনৰ বিভিন্ন প্রতিচ্ছবি। কেইবা সহস্রাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্রহণেৰে দেৰগাঁও নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰি এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰা এই শোভাযাত্রা উদ্বোধন কৰে প্ৰাক্তন বায়ুসেনা বিষয়া ঠগীৰাম গগৈয়ে।
শোভাযাত্রাত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামী, গোলাঘাট জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাসহ গোলাঘাট আৰু দেৰগাঁও আছুৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে। দুপৰীয়া কমল দুৱৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বীণা ঠাকুৰ বেজবৰুৱাৰ ৰচনা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক জয়ন্ত বৰুৱা আৰু দিলীপ শইকীয়াৰ সামগ্রিক পৰিকল্পনাৰে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে পৰিৱেশন কৰা এটা কোৰাছেৰে শুভাৰম্ভ কৰা আৰু ড° ৰঞ্জন বৰঠাকুৰে আঁত ধৰা মুকলি সভাত নিমন্ত্রিত অতিথি হিচাপে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জ্যোতিপ্রসাদ শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰূপম শইকীয়া, অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক পৰাগজ্যোতি মহন্ত আৰু সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জিত কুমাৰ বৰদলৈ, মহাবিদ্যালয় পৰিচালনা সমিতিৰ দাতা পৰিয়ালৰ সদস্য প্রখ্যাত বৰুৱাসহ কেইবাগৰাকী গণ্যমান্য লোক উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সন্ধিয়া অনুষ্ঠিত হয় বর্ণিল সাংস্কৃতিক অনুষ্ঠান। বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী নয়ন অসম কলীয়াবৰীয়া, হীৰকজ্যোতি শর্মা আৰু প্রিয়ংকা ভৰালীয়ে অনুষ্ঠান পৰিৱেশন কৰে।