এবটল তেজৰ অভাৱত দেৱেন দত্তৰ মৃত্যু! গুৰুতৰ অভিযোগ খণ্ডন GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ

Kakali Deka August 18, 2023

ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, সমাজকৰ্মী দেৱেন দত্তৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অসম। দেৱেন দত্তৰ মৃত্যুৰ পাছতে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই দেৱেন দত্তই মৃত্যুক সাৱটি ল'বলগীয়া হ'ল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ সদ্যপ্ৰয়াত শিক্ষাবিদগৰাকীৰ কেয়াৰটেকাৰ গৰাকীৰ।

উল্লেখ্য যে, হৃদৰোগত আক্ৰান্ত হৈ যোৱা ১১ আগষ্টতে জি এম চি এইছত ভৰ্তি হৈছিল দেৱেন দত্ত। ইয়াৰ পাছতে তেওঁৰ চিকিৎসা আৰম্ভ হৈছিল। শেহতীয়াকৈ তেজৰ প্ৰয়োজন হৈছিল দেৱেন দত্তক।

কিন্তু এটা ইউনিট তেজ যোগাৰ কৰিব নোৱাৰাৰ বাবেই তেওঁৰ মৃত্যু হয় বুলি অভিযোগ তুলিছে দেৱেন দত্তৰ কেয়াৰটেকাৰে। তেওঁ অভিযোগ কৰা অনুসৰি মাত্ৰ এবটল তেজৰ অভাৱতে মৃত্যু হ’ল দেৱেন দত্তৰ।

চিকিৎসকে তেজৰ প্ৰয়োজন হোৱাৰ কথা উল্লেখ কৰাৰ পাছতে কেয়াৰ টেকাৰজনে নিশা ব্লাড বেংকত তেজ বিচাৰি হাহাকাৰ কৰিছিল। তেওঁ এটা ইউনিট তেজ ব্লাড বেংকত জমা দিয়াৰ পিছতো নাপালে প্ৰয়োজনীয় তেজ।

ইফালে বৃহস্পতিবাৰে দিনৰ ভাগতো চিকিৎসকে দেৱেন দত্তৰ দেহত তেজৰ যোগান ধৰিবলৈ তেজ বিচাৰিছিল যদিও নিশা ৯ বজাতহে তেজৰ এটা ইউনিট সংগ্ৰহ হয়। সেই তেজ দিয়া হয় দেৱেন দত্তক। তেজৰ যোগাৰ হৈছিল ১২ ঘণ্টা পলমকৈ। দেৱেন দত্তৰ জীৱন ৰক্ষা নহ’ল। 

জি এম চি এইছৰ বিৰুদ্ধে উঠা এনে অভিযোগৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে জি এম চি এইছ। যাৰ বাবে জি এম চি এইছ কৰ্তৃপক্ষই এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

আনহাতে দেৱেন দত্তৰ মৃ্ত্যুৰ সন্দৰ্ভত উঠা অভিযোগ খণ্ডন কৰিছে জি এম চি এইছৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই। অধীক্ষক ডাঃ শৰ্মাৰ ভাষ্য অনুসৰি  ১১ আগষ্টত হৃদজনিত ৰোগত আক্ৰান্ত হৈ দেৱেন দত্ত ভৰ্তি হৈছিল GMCH ত। বৃহস্পতিবাৰে আবেলি তেওঁক CN চেন্টাৰত ভৰ্তি কৰোৱা হৈছিল। তেখেতৰ হিমগ্লবিন জোখতকৈ বেছি কমি গৈছিল। তেজ নোপোৱাৰ বাবে দেৱেন দত্তৰ মৃত্যু হোৱা বিষয়টো ভিত্তিহীন। 

কালি গোটেই দিনটো স্বাস্থ্যমন্ত্ৰী GMCH তে আছে। কোনো ধৰণৰ ব্লাড নোপোৱাৰ অভিযোগ আমালৈ অহা নাছিল। চিকিৎসকে বিচৰা ধৰণেই সময়মতে তেখেতক ব্লাড দিয়া হৈছিল৷ তেখেতেৰ কেইবাবিধো বেমাৰ আছিল যাৰ বাবে CN চেন্টাৰত ভৰ্তি হৈছিল৷ 

তেখেতক CN চেন্টাৰতহে ভৰ্তি কৰোৱা হৈছিল GMCH ত নহয়৷ কিছুমান নিউজ চেনেলত এই সন্দৰ্ভত বাতৰি পৰিবেশন কৰা বাবে আমি তদন্ত কমিটী গঠন কৰিছো।

এই সন্দৰ্ভত এতিয়া তদন্ত ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। তদন্তৰ পিছত ভুল প্ৰমাণিত হলে স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব। যদি সচাঁই ভুল কৰিছে তেন্তে শাস্তি হ'ব আৰু ইয়াৰ শুধৰণিও হ'ব লাগিব বুলি ঘোষণা স্বাস্থ্য বিভাগৰ।

Share This