ডিজিটেল ডেস্ক: ঢেকিয়াজুলিত আছাৰ বাইক ৰেলী। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ন্যায়, জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি,আদিবাসী সকলক ভূমিপট্টা প্ৰদানৰ দাবীৰে প্ৰতিবাদী বাইক ৰেলী আছাৰ।
ন্যূনতম মজুৰি আইন ১৯৪৮ৰ আধাৰত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰা, আদিবাসী লোকসকলক চৰকাৰে ভূমি আৱণ্টন দিয়া কাৰ্যক মালিক পক্ষই বিৰোধিতা কৰি আদালতত দ্বাৰস্থ হোৱা কাৰ্যৰ প্ৰতিক্ৰিয়া।
চাহ বাগিছা অঞ্চলত ভূমিপট্টা প্ৰদান কৰা প্ৰক্ৰিয়াতো ভেকোভাওনা আখ্যা আছাৰ। আদিবাসী লোকসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা আদি দাবী আছাৰ।
২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমস্যাসমূহ সমাধান নকৰিলে বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই।
শোণিতপুৰ জিলা সভাপতি আনন্দ তাঁতীয়ে। অশোক সিংহল মূৰ্দ্দাবাদ,বিজেপি চৰকাৰ হুঁচিয়াৰ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ।
প্ৰাগ নিউজ ডিজিটেল