ডিজিটেল সংবাদ : ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ অংকত ব্যস্ত থকা জনপ্রতিনিধিয়ে পাহৰিছে ৰাইজৰ সমস্যা সমাধানৰ কথা। নির্বাচনক লৈ এতিয়া মন্ত্ৰী-বিধায়কৰ প্ৰচাৰ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। ঘৰে ঘৰে গৈ মন্ত্রী-বিধায়কে বিগত পাঁচটা বছৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ বিপৰীতে ৰাজ্যখনৰ শিক্ষা মন্ত্রী তথা ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুৰ উন্নয়নৰ নামত কেৱল ফোঁপোলাস্বৰূপ গ্ৰাম্য অঞ্চলৰ বাস্তৱ ছবিখনে উদঙাইছে। গোগামুখৰ গ্ৰামাঞ্চলৰ অধিকাংশ বাট-পথৰ এতিয়াও উন্নয়ন হোৱা নাই।
বিশেষকৈ বৰদলনি উন্নয়ন খণ্ডৰ ভেবেলী গাঁও পঞ্চায়তৰ অন্তৰ্গত কৌপাতনি, ধৰ্মপুৰ গাঁওবাসীয়ে স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে বিপদসংকুল যাতায়াত কৰিব লগা হৈছে। ফলত প্রায়ে দুর্ঘটনা সংঘটিত হৈ শিশুসহ কেইবাজনো লোক আহত হ'বলগীয়া হৈছে। বাৰিষা সময়ত নাও বা কলগছৰ ভূৰেৰে বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে। উল্লেখযোগ্য যে গোগামুখ আঞ্চলিক ছাত্র সন্থাই শ্রমদান কাৰ্যসূচীৰ জৰিয়তে ২০২০ চনতে এখন বাঁহৰ দলং নির্মাণ কৰাৰ পাছত প্রায় তিনিটা বছৰ ৰাইজে যাতায়াত কৰে যদিও পৰৱৰ্তী সময়ত দলংখন ভাঙি যোৱাৰ ফলত স্থানীয় ৰাইজে শ্রমদান কৰি সাঁকো দি যাতায়াত কৰিব লগা হৈছে।
ৰোগী, স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে এই সাঁকোৰে দৈনিক আহ-যাহ কৰিব লগা হোৱাত অতিষ্ঠ হৈ পৰিছে গাঁওবাসী। কৌপাতনি, ধৰ্মপুৰবাসীয়ে একমাত্র পথটোত থকা ভেকুবিলৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে বছৰ বছৰ ধৰি আৱেদন জনাই অহাৰ পাছতো কোনো গুৰুত্ব দিয়া নাই স্থানীয় বিধায়ক ডাঃ ৰণোজ পেগু আৰু সাংসদ প্রদান বৰুৱাই। ইফালে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে পকী দলঙৰ কাম নকৰিলে গাঁওবাসীয়ে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।