ডিজিটেল ডেস্ক : অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ সুযোগ লাভ কৰিলে বিধায়ক আমিনুল ইছলামে। ছমাহৰ কাৰাবাস খটাৰ পাছত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে বিধায়কজনৰ জামিন মঞ্জুৰ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে আৰোপ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা ভংগৰ অভিযোগ খাৰিজ কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (এন এছ এ) এক গোচৰত বিগত প্রায় ছমাহধৰি নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এ আই ইউ ডি এফৰ বিতর্কিত বিধায়ক আমিনুল ইছলামে কালি মুক্ত আকাশৰ তললৈ ওলাই অহাৰ অনুমতি লাভ কৰিলে।
তেওঁৰ জামিন আৱেদনখন কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে। প্রণিধানযোগ্য যে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে যোৱা ২২ এপ্রিলত পহলগামত পাক সন্ত্রাসবাদীয়ে সংঘটিত কৰা নৃশংস হত্যাকাণ্ডৰ পাছত সমগ্র দেশত শোকৰ ছাঁ পৰাৰ সময়ত ৰাজহুৱাভাৱে পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰাৰ পাছত তেওঁৰ বিৰুদ্ধে দেশবিৰোধী স্থিতিৰ অভিযোগ উত্থাপিত হৈছিল। তাৰ পাছতে তেওঁক ২৪ এপ্ৰিলত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। কালি ন্যায়াধীশ কল্যাণ ৰায় চুৰাণা আৰু সুৰেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠৰ আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে।
বিধায়কজনৰ জামিন প্রসংগত অধিবক্তা দেবব্রত শইকীয়াই কয় যে বিধায়কজনৰ হৈ গুৱাহাটী উচ্চন্যায়ালয়ত তেওঁৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে এটা গোচৰ তৰা হৈছিল। ডব্লিউ বি চি ক্রিমিনেল ৪০/২০২৫ নম্বৰ গোচৰৰ শুনানি যোৱা ৬ নৱেম্বৰত সমাপ্ত হৈছিল। তেতিয়াৰে পৰা গোচৰটোৰ শুনানি সংৰক্ষিত কৰি ৰখা হৈছিল। কালি আদালতে গোচৰটোৰ ৰায়দান কৰি আমিনুল ইছলামক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনৰ পৰা মুক্ত কৰা বুলি তেওঁ সদৰী কৰে। উল্লেখযোগ্য যে আমিনুল ইছলামৰ হৈ ন্যায়ালয়ত যুক্তি প্রদর্শন কৰে বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ, দেৱব্ৰত শইকীয়া আৰু সৌম্যদীপ দে'ই।