ধিঙত আজৱ কাণ্ড! জীৱিতক মৃত দেখুৱাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ১৯টা আত্মসহায়ক গোটৰ তিনি শতাধিক মহিলাক বঞ্চিত কৰাৰ অভিযোগ
ডিজিটেল ডেস্কঃ নগাঁও জিলাৰ ধিং উন্নয়ন খণ্ডৰ অন্তৰ্গত টুকটুকী গাঁও পঞ্চায়তত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান তথা লাখপতি বাইদেউ আঁচনিত এক অনিয়ম আৰু মইমতালিৰ অভিযোগ পোহৰলৈ আহিছে। টুকটুকী গাঁও পঞ্চায়তৰ তিনি শতাধিক মহিলা হিতাধিকাৰীক “জীৱিত মহিলাক মৃত” দেখুৱাই আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে।
নগাঁও জিলাৰ ধিং উন্নয়ন খণ্ডৰ টুকটুকী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত মুঠ ১৯টা আত্মসহায়ক গোটৰ মহিলা হিতাধিকাৰীয়ে লাখপতি বাইদেউ আঁচনিৰ তালিকাত নাম অন্তৰ্ভূক্ত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।
মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে যি সপোনৰ আঁচনি আৰম্ভ কৰিছিল, সেই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ ফলত টুকটুকীৰ মহিলাসকল আজি অসন্তুষ্ট আৰু ক্ষুভিত।
আৱেদনকাৰী মহিলাসকলৰ তথ্য পুনৰ্নিৰীক্ষণৰ সময়ত গাঁওপ্ৰধান আবুল হুছেইন আৰু গাঁও পঞ্চায়তৰ জীৱিকা সখী ৰেহেনা বেগমে আৱেদনকাৰীক 'মৃত' হিচাপে তালিকাভুক্ত কৰাৰ অভিযোগ ভুক্তভোগী মহিলাসকলৰ ।
ফলস্বৰূপে, এইসকল মহিলাই লাখপতি বাইদেউ আঁচনিৰ তালিকাত স্থান লাভ নকৰিলে।
ক্ষুব্ধ মহিলাসকলে আজি ধিং উন্নয়ন খণ্ডত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।
তেওঁলোকে গাঁও প্ৰধান আৰু জীৱিকা সখীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আঁচনিৰ পুনৰ নিৰীক্ষণ কৰি সকলো প্ৰকৃত মহিলা হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক আৱেদন জনায়।
চৰকাৰে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্য লৈ আৰম্ভ কৰা লাখপতি বাইদেউ আঁচনিৰ এনে বঞ্চনামূলক ঘটনাই ধিঙত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
উৎস প্ৰাগ নিউজ ডিজিটেল