ডিজিটেল ডেস্ক : অসমৰ প্ৰথমগৰাকী মহিলা পাইলট ধীৰা চলিহা হাজৰিকাই আকৌ এবাৰ আকাশত উৰুৱালে বিমান। ধীৰা চলিহা হাজৰিকাই ১৯৬১ চনত প্ৰথমবাৰৰ বাবে আকাশত উৰুৱাইছিল বিমান। ৬০ বছৰৰো অধিক সময়ৰ পাছত পুনৰবাৰ আকাশলৈ উৰা মাৰিলে ধীৰা চলিহা হাজৰিকা।
৮৫ বছৰ বয়সত অদম্য সাহস দেখুৱালে মহিলাগৰাকীয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ এখন বিমানত উঠি টেমছ নদীৰ ওপৰেৰে উৰি গ’ল ধীৰা চলিহা হাজৰিকা।
ব্ৰিটিছ এয়াৰৱেজৰ প্ৰাক্তন পাইলট কেপ্তেইন জন টাৱেলৰ সৈতে তেওঁৰ আইকনিক য়েল্ল টাইগাৰ মথ জি-এএনএফএম বিমানখনত উৰা মাৰিছিল ধীৰা চলিহা হাজৰিকাই। যিখন বিমানক হলীউডৰ দ্য কিংছ স্পীচ আৰু থাণ্ডাৰবাৰ্ডছৰ দৰে ছবিত দেখা গৈছিল।
ব্ৰিটেইনৰ অন্যতম ঐতিহাসিক আৰু পৰিচিত বিমানবন্দৰ হোৱাইট ৱালথাম বিমানবন্দৰৰ ককপিটৰ পৰা নামি তেওঁ কয়, “এয়া একেবাৰে আচৰিত আছিল, মোৰ উৰণৰ দিনবোৰৰ স্মৃতিবোৰ মনলৈ উভতি আহিছিল। শেষবাৰৰ বাবে টাইগাৰ মথত উৰাজাহাজত উঠি মই অসমৰ সেউজীয়া আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰে উৰি গৈছিলোঁ আৰু আজি মই ইংলেণ্ডৰ ৰোলিং ফিল্ড আৰু টেমছ নদীৰ ওপৰত আছিলো।”
ধীৰা চলিহা হাজৰিকাই ১৯৫৯ চনৰ পৰা ১৯৬২ চনলৈ অসম ফ্লাইং ক্লাবত টাইগাৰ মথ আৰু পুষ্পক উৰুৱাইছিল আৰু ১৯৬১ চনত পাইলট’ছ এ লাইচেন্স লাভ কৰিছিল। ৬৪ বছৰৰ পাছতো তেওঁৰ হৃদয়খন আকাশৰ বাবে স্পন্দন কৰে। বৰ্তমান তেওঁ উৰণ যাত্ৰাক লৈ আত্মজীৱনী লিখি আছে।
উল্লেখ্য যে ধীৰা চলিহা হাজৰিকাই ২০১৭ চনত প্ৰাগ প্ৰেৰণা এৱাৰ্ড লাভ কৰিছিল।
উৎস : প্ৰাগ নিউজ ডিজিটেল