৮৫ বছৰত বিমান চলাই ধীৰা চলিতা হাজৰিকাৰ চমক

dainik janambhumi September 17, 2025

ডিজিটেল ডেস্ক : অসমৰ এগৰাকী অশীতিপৰ মহিলা। বয়সেও হাৰ মানিছে তেওঁৰ ওচৰত। ৮৫ বছৰ বয়সতো অসমৰ প্ৰথমগৰাকী মহিলা পাইলট ধীৰা চলিহা হাজৰিকাই পুনৰ বিমান উৰুৱাই চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তাকো অসমীয়াৰ আদৰৰ মেখেলা-চাদৰ পৰিধান কৰি তেওঁ উৰুৱাইছে বিমান।

 

ইতিমধ্যে ছ'চিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল হৈছে অসমৰ এই জ্যেষ্ঠ মহিলাগৰাকীয়ে আকৌ এবাৰ বিমান চলোৱাৰ খবৰ। উল্লেখযোগ্য যে ১৯৬১ চনত প্ৰথমবাৰৰ বাবে আকাশত বিমান উৰুওৱা ধীৰা চলিহা হাজৰিকাই ৬০ বছৰৰো অধিক সময়ৰ পাছত পুনৰবাৰ বিমান চলাই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে। অদম্য সাহস দেখুৱাই অসমৰ সু-সন্তানগৰাকীয়ে দ্বিতীয় বিশ্ব যুদ্ধৰ এখন বিমানত উঠি টেমছ নদীৰ ওপৰেৰে উৰি গ'ল। তেওঁৰ এই যাত্ৰাত ব্রিটিছ এয়াৰৱেজৰ প্ৰাক্তন পাইলট কেপ্টেইন জন টাৱেলে সংগ দিয়ে। দুয়ো আইকনিক য়েল্ল টাইগাৰ মথ জি-এ এন এফ এম বিমানখন লৈ উৰা মাৰিছিল। যিখন বিমানক হলিউডৰ দ্য কিংছ স্পীচ আৰু থাণ্ডাৰবাৰ্ডছৰ দৰে ছবিত দেখা গৈছিল।

 

উল্লেখযোগ্য যে এই যাত্রা সামৰণি মাৰি ব্রিটেইনৰ অন্যতম ঐতিহাসিক আৰু পৰিচিত বিমানবন্দৰ হোৱাইট বালথাম বিমানবন্দৰত ককপিটৰ পৰা নামি ধীৰা চলিহা হাজৰিকাই কয়- 'এয়া একেবাৰে আচৰিত আছিল, মোৰ পুৰণি দিনবোৰৰ স্মৃতিবোৰ মনলৈ উভতি আহিছিল। শেষবাৰৰ বাবে টাইগাৰ মথ উৰাজাহাজত উঠি মই অসমৰ সেউজীয়া পাহৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰে উৰিছিলোঁ আৰু আজি মই ইংলেণ্ডৰ ৰোলিং ফিল্ড আৰু টেমছ নদীৰ ওপৰত উৰিছিলোঁ। এয়া আনন্দ কথাৰে প্ৰকাশ কৰিব নোৱাৰি।' মন কৰিব লগীয়া কথা যে ধীৰা চলিহা হাজৰিকাই ১৯৫৯ চনৰ পৰা ১৯৬২ চনলৈ অসম ফ্লাইং ক্লাবত টাইগাৰ মথ আৰু পুষ্পক উৰুৱাইছিল আৰু ১৯৬১ চনত পাইলট'ছ এ লাইচেন্স লাভ কৰিছিল।

 

 

Share This