প্রকৃতিবিদ সৌম্যদ্বীপ দত্তলৈ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ

Rashmi May 02, 2025

ডিজিটেল ডেস্কঃ ১৯৯৬ চনত সমাজত এক বৌদ্ধিক পৰিমণ্ডল সৃষ্টিৰ উদ্দেশ্যেৰে গুৱাহাটীত নর্থ ইষ্ট ফাউণ্ডেশ্যন নামেৰে এটি বৌদ্ধিক দাতব্য ন্যাস গঢ়ি তোলা হৈছিল। ন্যাসে বিগত বছৰবোৰত প্ৰথম উত্তৰ-পূব সাহিত্য উৎসৱকে ধৰি বিভিন্ন বৌদ্ধিক, সাংস্কৃতিক কাৰ্যসূচী, গ্ৰন্থ প্রকাশ ইত্যাদিৰ কাম কৰি অহাৰ লগতে ২০২১ চনত সাহিত্য আৰু সাহিত্যিকক স্বীকৃতি দিয়াৰ উদ্দেশ্যে ‘ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ’ শীৰ্ষক বঁটা প্ৰৱৰ্তন কৰে। ইতিমধ্যে জাতীয় কবি আনিচ উজ্ জামান (২০২১), কবি উপন্যাসিক দিলীপ ফুকন (২০২২) আৰু গল্পকাৰ অনামিকা বৰা (2023)ক এই বঁটা প্ৰদান কৰা হৈছে।

এইবাৰ ২০২৪ চনৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ আগবঢ়োৱা হৈছে প্ৰকৃতি সাহিত্য আৰু অৰণ্যগাথাৰ এগৰাকী দিকদর্শী লেখক, প্রকৃতি সংৰক্ষণ আৰু ইয়াৰ বিষয়ে সমগ্ৰ অসম জুৰি সচেতনতা সৃষ্টিৰ বাবে নিজৰ কাম আৰু লেখাৰে নিৰৱচ্ছিন্নভাৱে প্ৰয়াস কৰি অহা সৌম্যদ্বীপ দত্তলৈ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ‘গণপতি প্ৰকাশন’ৰ দ্বাৰা প্ৰকাশিত 'উদ্ভাসিত মায়াবন' গ্রন্থখনিত লেখকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিনন্দীয়া প্ৰকৃতিৰ এখনি নিপুণ, বিশ্বস্ত আৰু মৌলিক চিত্র আঁকিবলৈ সমৰ্থ হৈছে; আশা কৰা হৈছে যে ই আমাৰ সাহিত্যক সমৃদ্ধ কৰাৰ উপৰি পাঠকসকলক প্রকৃতিক ভাল পাবলৈ আৰু প্ৰকৃতি সংৰক্ষণত সচেষ্ট হ’বলৈ অনুপ্ৰাণিত কৰিব।

এই পুৰস্কাৰত আগবঢ়োৱা হয় গামোচা, চেলেং, স্মাৰক, মানপত্ৰ, কিতাপৰ টোপোলা আৰু নগদ ৫০ হাজাৰ টকা। মে’ মাহৰ ২৫ তাৰিখে বিয়লি ০৩-৩০ বজাত ৰাজ্যিক সংগ্ৰালয়ৰ চৌহদত ‘কনকলাল বৰুৱা’ প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান কৰা হ’ব বুলি নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ সচিব পৰেশ কলিতাই জানিবলৈ দিয়ে৷

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This