ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য!  অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক 

Rashmi August 18, 2025

ডিজিটেল ডেস্কঃ ধুবুৰীত স্বাধীনতা দিৱসক চৰম অপমান। ধুবুৰী গাছপাৰা গাঁও পঞ্চায়তে কৰিলে চৰম অপমান। স্বাধীনতা দিৱসৰ গইনা লৈ আৰু সেই একেই নিশা স্বাধীনতা দিৱসৰ মঞ্চত যুৱতীয়ে উদ্দাম নৃত্য কৰি বিয়পাই দিলে অশ্লীলতা। ইয়াকে লৈ  সাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

দেশে উলহ-মালহেৰে পালন কৰিলে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। প্ৰতিজন ভাৰতীয়ই শ্ৰদ্ধা জনালে স্বাধীনতা সংগ্ৰামী, বীৰ, শ্বহীদসকলক ৷ কিন্ত এই পবিত্ৰ দিনটোতে ধুবুৰী গাছপাৰা গাঁও পঞ্চায়তৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত হিন্দী গানৰ তালে তালে যুৱতীয়ে যৌন উদ্দীপক অংগী ভংগীৰে কৰিলে অশ্লীল নৃত্য।  ইয়াকে লৈ সকলোৰে মাজত প্ৰতিক্ৰিয়া ।

সামাজিক মাধ্যমত অশ্লীল নৃত্য ভাইৰেল হৈ পৰাৰ পাছতে যেন ঘোৰ নিদ্ৰাৰ পৰা সাৰ পালে ধুবুৰী আৰক্ষী।

ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে আটক অধ্যক্ষসহ দুই শিক্ষক, তিনিগৰাকী পঞ্চায়ত সদস্য। অভিযোগ অনুসৰি চুবুৰীয়া ৰাজ্যৰ কোচবিহাৰৰ পৰা যুৱতী ভাৰা কৰি আনি স্বাধীনতা দিৱসৰ সাংস্কৃতিক অনুষ্ঠানৰ নামত অশ্লীল নৃত্যৰ আয়োজন কৰিছিল আয়োজকে।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This