বুধ গ্ৰহত হীৰাৰ ভাণ্ডাৰ
Dainik Janambhumi
August 03, 2024
দৈনিক জনমভূমি : সৌৰ জগতৰ আটাইতকৈ ক্ষুদ্ৰ গ্ৰহ বুধৰ সম্পৰ্কত বিজ্ঞানীসকলে এক নতুন তথ্য লাভ কৰিছে৷ বিজ্ঞানীসকলে লাভ কৰা তথ্য অনুসৰি আজিৰ পৰা ৪৫০ বছৰৰ আগতে উৎপত্তি হোৱা গ্ৰহটোৰ ভূভাগৰ তলত হীৰাৰ প্ৰায় ১৮ কিল’মিটাৰ ডাঠ এটা তৰপ আছে৷ গ্ৰহটোৰ উৎপত্তিৰ সময়ৰ পৰাই ইয়াত হীৰা সৃষ্টি হ’বলৈ ধৰিছিল৷
তেতিয়া নতুনকৈ জন্ম হোৱা গ্ৰহটোত মেগমাৰ গভীৰ মহাসাগৰত ওপঙি থকা গ্ৰেফাইটৰ এটা তৰপ থকা বুলিও অনুমান কৰা হৈছে৷ বিজ্ঞানীসকলে এনভিল নামৰ মেচিনৰ জৰিয়তে বুধৰ জন্মৰ সময়ৰ পৰিৱেশ সৃষ্টি কৰিছিল৷ বেলজিয়ামৰ লীজ বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞান বিজ্ঞানী বাৰ্নাৰ্ড চাৰ্লিয়াৰে কয় যে ই এক অতি প্ৰচণ্ড চাপ আছিল, যাৰ জৰিয়তে বুধৰ পৃষ্ঠভাগৰ তলৰ পৰিৱেশ সৃষ্টিৰ প্ৰচেষ্টা চলোৱা হৈছিল আৰু এনে ধৰণৰ পৰিৱেশত সৰু নমুনাই কেনেধৰণৰ ৰূপ সেই বিষয়ে জনাত সহায় কৰিলে৷ বিজ্ঞানীসকলে বুধৰ উৎপত্তিৰ সময়ত ইয়াৰ ভূগৰ্ভত পোৱাৰ দৰে গ্ৰেফাইটৰ কেপচুল এটাৰ ভিতৰত ছিলিকন, টাইটেনিয়াম, মেগনেছিয়াম আৰু এলুমিনিয়ামসহ আন পদাৰ্থৰ এটা মিশ্ৰণ ভৰাই দিছিল৷
ইয়াৰ পাছত এই কেপচুলটো পৃথিৱীৰ পৃষ্ঠভাগৰ চাপৰ প্ৰায় ৭০ হেজাৰ গুণ অধিক চাপ আৰু ২ হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপৰ মাজত ৰাখে৷ ই বুধৰ উৎপত্তিৰ সময়ৰ পৰিৱেশ বুলি বিজ্ঞানীসকলে ধৰি লয়৷ এই গ্ৰেফাইটৰ কেপচুলটো গলি যোৱা বিজ্ঞানীসকলে মাইক্ৰস্ক’পৰ জৰিয়তে ৰসায়ন আৰু খনিজৰ পৰিৱৰ্তন লক্ষ্য কৰে৷ তেতিয়া তেওঁলোকে দেখা পায় যে গ্ৰেফাইট হীৰাৰ স্ফটিকলৈ ৰূপান্তৰ হৈছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি এই পৰীক্ষাই তেওঁলোকক বুধৰ পৃষ্ঠভাগৰ তলত তথা ৰহস্যৰ বিষয়ে জনাত সহায় কৰিলে৷ বুধ সূৰ্যৰ একেবাৰে কাষতে আৰু গ্ৰহটো ঘনত্বৰ ক্ষেত্ৰত পৃথিৱীৰ পাছতে আছে৷ ইয়াৰ কেন্দ্ৰভাগ বিশাল ধাতুৰে গঢ়া বুলিও অনুমান কৰা হৈছে৷
Share This